ৰে'ল আৰক্ষীৰ তালাচীত নিষিদ্ধ টেবলেটসহ আটক দুই যুৱক - ড্ৰাগছ
গুৱাহাটী ৰে'লৱে ষ্টেচনত ৰে'ল আৰক্ষীৰ নিয়মীয়া তালাচীত গ্ৰেপ্তাৰ হয় নিষিদ্ধ ড্ৰাগছসহ আমলান দাস আৰু নেপাল দাস নামৰ দুই যুৱক, তদন্ত অব্যাহত
গুৱাহাটী, 6 আগষ্টঃ মঙলবাৰে পুৱা গুৱাহাটী ৰে'লৱে ষ্টেচনত ৰে'ল আৰক্ষীৰ নিয়মীয়া তালাচীত নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা গ্ৰেপ্তাৰ হয় নিষিদ্ধ ড্ৰাগছসহ আমলান দাস আৰু নেপাল দাস নামৰ দুই যুৱক ৷ লগতে 432 টা নিষিদ্ধ SPASORID-POXIVIN টেবলেট জব্দ ৷ ৰে'ল আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, জব্দ হোৱা টেবলেটখিনি যুৱক দুজনে ত্ৰিপুৰাৰ পৰা আনিছিল আৰু গুৱাহাটী ৰে'ল ষ্টেচনৰে দিল্লীলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল । আনহাতে আৰক্ষীৰ সোধা-পোছাৰ অন্তত যুৱকদ্বয়ে তেওঁলোক ড্ৰাগছ সৰবৰাহকাৰী হোৱাৰ পৰিৰ্ৱতে ড্ৰাগছ সেৱনকাৰী বুলিহে জানিবলৈ দিয়ে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত NDPS ৰ অধীনত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷