অসম

assam

ETV Bharat / state

কিমান নিৰ্ভৰযোগ্য কোৱাৰাইণ্টাইন চেন্টাৰৰ জাৱৰ নিষ্কাশনৰ দায়িত্বত থকা এজেঞ্চি? - Assam Corona

ৰাজ্য চৰকাৰে প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত এয়াৰ ফৰ্চ নামৰ এটা এজেঞ্চিক কোৱাৰাইণ্টাইন কেন্দ্ৰ সমূহৰ জাৱৰ নিষ্কাশনৰ দায়িত্ব প্ৰদান কৰিছে । সম্পূৰ্ণ বায়োমেডিকেল পদ্ধতিৰে নিষ্কাশন কৰা হয় কোৱাৰাইণ্টাইন কেন্দ্ৰ সমূহৰ জাৱৰ।

Guwahati quarantine center waste
কিমান নিৰ্ভৰযোগ্য কোৱাৰাইণ্টাইন চেন্টাৰৰ জাৱৰ নিষ্কাশনৰ দায়িত্বত থকা এজেঞ্চি?

By

Published : May 16, 2020, 6:28 PM IST

গুৱাহাটী,16 মেঃ বৰ্তমানলৈকে মানৱ জাতিক কৰ'ণা ভাইৰাছৰ পৰা ৰক্ষা কৰাৰ বাবে চিকিৎসা বিজ্ঞানৰ হাতত নাই কোনো প্ৰতিষেধক । এই সংক্ৰমণ ৰোধৰ একমাত্ৰ উপায়েই হ'ল সামাজিক দূৰত্ব । যাৰ বাবেই এই ভাইৰাছত আক্ৰান্ত লোক সকলক ৰাখা হয় সম্পূৰ্ণ আছুতীয়াকৈ । মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামতো বহিঃৰাজ্যৰ পৰা অহা লোকসকলক আছুতীয়াকৈ ৰখাৰ বাবে নিৰ্মান কৰা হৈছে কোৱাৰেন্টাইন চেন্টাৰ । প্ৰতিদিনে এই কেন্দ্ৰলৈ আহিছে কেইবা শতাধিক লোক ।

কিমান নিৰ্ভৰযোগ্য কোৱাৰাইণ্টাইন চেন্টাৰৰ জাৱৰ নিষ্কাশনৰ দায়িত্বত থকা এজেঞ্চি?

উল্লেখ্য যে, ৰাজ্য চৰকাৰে প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত এয়াৰ ফৰ্চ নামৰ এটা এজেঞ্চিক কোৱাৰাইণ্টাইন কেন্দ্ৰ সমূহৰ জাৱৰ নিষ্কাশনৰ দায়িত্ব প্ৰদান কৰিছে । সম্পূৰ্ণ বায়োমেডিকেল পদ্ধতিৰে নিষ্কাশন কৰা হয় কোৱাৰাইণ্টাইন কেন্দ্ৰ সমূহৰ জাৱৰ। কোৱাৰাইণ্টাইন কেন্দ্ৰ সমূহৰ জাৱৰৰ পৰা যাতে কোনো ব্যক্তি কৰ'ণা ভাইৰাছত আক্রান্ত নহয় ইয়াৰ প্ৰতি চোকা দৃষ্টি ৰাখিছে চৰকাৰ তথা কামৰূপ মহানগৰ জিলা প্ৰশাসনে ।

কিন্তু ইয়াৰ মাজতেই মহানগৰীত সংঘটিত হয় এক ভয়ংকৰ ঘটনা । সৰুসজাই কোৱাৰাইণ্টাইন কেন্দ্ৰৰ পৰা কিছু নিলগত মানসিকভাবে দুৰ্বল এজন ব্যক্তিয়ে ডাষ্টবিনত পেলাই থোৱা পিপিই কিট পৰিধান কৰি সমগ্ৰ লখৰা অঞ্চল ঘূৰি-ফুৰে । এই ঘটনাই আতংকিত কৰি তোলো মহানগৰবাসীক । এই বাতৰি প্ৰকাশৰ পিছতেই চৰকাৰ তথা জিলা প্ৰশাসনে তৎপৰতাৰে কিটসমূহ উক্ত স্থানৰ পৰা আতৰাই দিয়ে । এতিয়া প্ৰশ্ন হয় চিকিৎসাকর্মী সকলে পৰিধান কৰা পিপিই কিট কিদৰে আহিল ডাষ্টবিনত? জিলা প্ৰশাসনৰ তীক্ষ্ণ দৃষ্টিৰ পিছতো কাৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হ'ল ? ইয়াৰ তদন্তৰ ব্যৱস্থা কৰিবনে চৰকাৰ তথা মহানগৰ প্ৰশাসনে?

লগতে পঢ়ক-গৃহ অভিমুখী প্ৰব্ৰজনকাৰী শ্ৰমিকৰ মৃত্যু!

ABOUT THE AUTHOR

...view details