গুৱাহাটী,২৯ এপ্ৰিলঃ সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৃবিজ্ঞান বিভাগত অনুষ্ঠিত হয় এক বিশেষ অনুষ্ঠান। এই অনুষ্ঠানত বিশিষ্ট নৃতত্ববিদ তথা অৰুণাচল বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য আনন্দ চন্দ্ৰ ভাগৱতীক প্ৰদান কৰা হয় জীৱন জোৰা সাধনা বঁটা । ভাৰত চৰকাৰৰ সংস্কৃতি বিভাগৰ তৰফৰ পৰা প্ৰদান কৰা হয় এই বঁটা ।
গুৱাহাটী বিশ্ববিদ্যালয়ত বঁটা প্ৰদান অনুষ্ঠান - জীৱন জোৰা সাধনা বঁটা
বিশিষ্ট নৃতত্ববিদ তথা অৰুণাচল বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য আনন্দ চন্দ্ৰ ভাগৱতীক প্ৰদান কৰা হয় জীৱন জোৰা সাধনা বঁটা ।
গুৱাহাটী বিশ্ববিদ্যালয়ত বঁটা প্ৰদান অনুষ্ঠান
ইফালে যিকোনো বিষয়ত সফলতা অৰ্জন কৰিবলৈ হ'লে বিষয়টোৰ লগতে দেহে কেহে জড়িত হ'ব লাগে বুলি নতুন শিক্ষাৰ্থীসকলক উদ্দেশ্যি মন্তব্য প্ৰদান কৰে বিশিষ্ট নৃতত্ববিদগৰাকীয়ে । উল্লেখযোগ্য যে এই অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেইবাগৰাকীও অধ্যাপক-অধ্যাপিকাৰ লগতে শিক্ষাৰ্থীসকল উপস্থিত থাকে ।