অসম

assam

ETV Bharat / state

গুৱাহাটী প্ৰেছক্লাৱত মুকাভিনয়ক অধিক প্ৰচাৰ আৰু প্ৰসাৰ বিশেষ অনুষ্ঠান - nirbak book relese

মুকাভিনয়ৰ ওপৰত লিখি উলিওৱা একমাত্ৰ বছেৰেকীয়া "নিৰ্বাক" নামৰ গ্ৰন্থখন উন্মোচন কৰা হয় ৷ শনিবাৰে আয়োজন কৰা উক্ত অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ঠ মুকাভিনয় শিল্পী মইনুল হক, স্বাস্থ্য বিভাগৰ বিষয়া পমী বৰুৱা, বিশিষ্ঠ সাংবাদিক সুশান্ত তালুকদাৰকে ধৰি বহুকেইজন লোক ৷

গুৱাহাটী প্ৰেছক্লাৱত মুকাভিনয়ক অধিক প্ৰচাৰ আৰু প্ৰসাৰ বিশেষ অনুষ্ঠান
গুৱাহাটী প্ৰেছক্লাৱত মুকাভিনয়ক অধিক প্ৰচাৰ আৰু প্ৰসাৰ বিশেষ অনুষ্ঠান

By

Published : Dec 26, 2020, 10:35 PM IST

গুৱাহাটী,26 ডিচেম্বৰঃ মুকাভিনয়ক আৰু অধিক প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে শনিবাৰে গুৱাহাটী প্ৰেছক্লাৱত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয় ৷ এই অনুষ্ঠানতে মুকাভিনয়ৰ ওপৰত লিখি উলিওৱা একমাত্ৰ বছেৰেকীয়া "নিৰ্বাক" নামৰ গ্ৰন্থখন উন্মোচন কৰা হয় ৷ শনিবাৰে আয়োজন কৰা উক্ত অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ঠ মুকাভিনয় শিল্পী মইনুল হক, স্বাস্থ্য বিভাগৰ বিষয়া পমী বৰুৱা, বিশিষ্ঠ সাংবাদিক সুশান্ত তালুকদাৰকে ধৰি বহুকেইজন লোক ৷

গুৱাহাটী প্ৰেছক্লাৱত মুকাভিনয়ক অধিক প্ৰচাৰ আৰু প্ৰসাৰ বিশেষ অনুষ্ঠান

উল্লেখ্য যে, মুকাভিনয় শিল্পী মৃনাংক ডেকাই বিগত সময়ছোৱাত মুকাভিনয়ৰ জৰিয়তে ক’ভিডৰ সময়তো ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিছে ৷ যি সকল লোকে মুকাভিনয়ৰ প্ৰতি আগ্ৰহী, সেইসকল লোকে এই নিৰ্বাক নামৰ গ্ৰন্থখনৰ জৰিয়তে বহুখিনি জ্ঞান অৰ্জন কৰিব পাৰিব বুলি মন্তব্য কৰে ৷ লগতে মুকাভিনয় প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে চৰকাৰে ব্যৱস্থা ল'ৱ লাগে বুলিও মন্তব্য কৰে ৷ ইয়াৰ উপৰিও বৰ্তমান সময়ত মুকাভিনয়ৰ জৰিয়তে প্ৰতিষ্ঠা লাভ কৰিব পাৰে বুলিও জানিবলৈ দিয়ে মৃনাংক ডেকাই ৷

লগতে পঢ়কঃ টাৱাং ছেক্টৰত আইটিবিপিৰ নিৰাপত্তা সন্দৰ্ভত বিশেষ সাক্ষাৎকাৰ

ABOUT THE AUTHOR

...view details