গুৱাহাটী,2 মাৰ্চঃ সুদীৰ্ঘ ১৭ বছৰৰ অন্তত ১২ মাৰ্চত অনুষ্ঠিত হ’ব গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচন ৷ ইতিমধ্যে নিৰ্বাচনৰ বাবে সম্পূৰ্ণ ৰূপে সাজু হৈছে নিৰ্বাচনী কমিটি ৷ সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল অনুষ্ঠিত কৰি নিৰ্বাচন সম্পৰ্কে Model code of Conduct for the Candidates of Guwahati Election-2020 সন্দৰ্ভত বিতংভাবে জনোৱা হয় ৷ ১২মাৰ্চত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত মুঠ ৪২ গৰাকী প্ৰাৰ্থীয়ে বিভিন্ন পদত প্ৰতিদ্বন্দিতা আগবঢ়াব ৷ ৮১৬জন ভোটাৰে ভাগ্য নিৰ্ধাৰণ কৰিব মুঠ ৪২ গৰাকী প্ৰাৰ্থীৰ ৷
গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচন,‘Model code of conduct’ সন্দৰ্ভত সংবাদমেল - গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচন বাতৰি
সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল অনুষ্ঠিত কৰি নিৰ্বাচন সম্পৰ্কে Model code of Conduct for the Candidates of Guwahati Election-2020 সন্দৰ্ভত বিতংভাবে জনোৱা হয় ৷ উল্লেখ্য যে, এইবেলি প্ৰাক্তন সাধাৰণ সম্পাদক নৱ ঠাকুৰীয়াক বঞ্চিত কৰা হৈছে ভোটদানৰ পৰা ৷
গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচন,‘Model code of condut’ সন্দৰ্ভত সংবাদমেল
উল্লেখ্য যে, এইবেলি প্ৰাক্তন সাধাৰণ সম্পাদক নৱ ঠাকুৰীয়াক বঞ্চিত কৰা হৈছে ভোটদানৰ পৰা ৷ কৰ্মস্থানৰ উচিত নথি পত্ৰৰ অভাৱৰ বাবেই তেওঁক বিৰত কৰা হৈছে ভোটদানৰ পৰা ৷ সোমবাৰে আয়োজন কৰা সংবাদমেলখনত উপস্থিত থাকে নিৰ্বাচনী কমিটিৰ বিষয়া অজিত পাটোৱাৰী,বিজন কুমাৰ মহাজান,অনুপম নাথ,সুনিল বৰা আৰু ৰূপা ঘোষ৷
লগতে পঢ়ক-পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আহিবলৈ অহ্বান আলোচনাপন্থী আলফাৰ
Last Updated : Mar 3, 2020, 9:01 AM IST