অসম

assam

ETV Bharat / state

ঘোষণা হ'ল গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচনৰ ফলাফল - গুৱাহাটী প্ৰেছ ক্লাৱ

সুদীৰ্ঘ ১৭ বছৰ পিছত বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যায় গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচন ৷ ১০ টা পদৰ বাবে ৩৬গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল এইবাৰৰ নিৰ্বাচনত। পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ চলে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ বিয়লি ৫ বজাৰ পৰা আৰম্ভ হোৱা ভোটগণনা প্ৰক্ৰিয়া চলে ওৰেনিশালৈ। বহু অপেক্ষাৰ অন্তত পুৱতি নিশা ঘোষণা কৰা হয় নিৰ্বাচনৰ ফলাফল ৷

Guwahati Press Club election result has been declared
ঘোষণা হ'ল গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচনৰ ফলাফল

By

Published : Mar 13, 2020, 3:56 PM IST

Updated : Mar 13, 2020, 9:14 PM IST

গুৱাহাটী,13 মাৰ্চঃ সুদীৰ্ঘ ১৭ বছৰ পিছত বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যায় গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচন ৷ ১০ টা পদৰ বাবে ৩৬গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল এইবাৰৰ নিৰ্বাচনত। পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ চলে ভোটগ্ৰহণ প্ৰক্ৰিয়া। নিৰ্বাচনত মুঠ ভোটাৰ সংখ্যা আছিল ৮১৬গৰাকী ৷ ভোটদানৰ হাৰ হৈছে ৯৩.৪৪ শতাংশ৷ বিয়লি ৫ বজাৰ পৰা আৰম্ভ হোৱা ভোটগণনা প্ৰক্ৰিয়া চলে ওৰেনিশালৈ। বহু অপেক্ষাৰ অন্তত পুৱতি নিশা ঘোষণা কৰা হয় নিৰ্বাচনৰ ফলাফল । ফলাফল অনুসৰি, সভাপতি পদত মনোজ নাথ(৪৪৯ টা ভোট), উপ–সভাপতি পদত ধনীৰাম কলিতা (৩৩১), উপ–সভাপতি (মহিলাৰ বাবে সংৰক্ষিত) পদত মৌচুমী শৰ্মা বৰুৱা (৩০১), সাধাৰণ সম্পাদক পদত সঞ্জয় ৰয়(৪০৪), সহকাৰী সাধাৰণ সম্পাদক পদত মনীন্দ্ৰ ডেকা( ২৯২), সহকাৰী সাধাৰণ সম্পাদক (মহিলাৰ বাবে সংৰক্ষিত) পদত মনীষা কলিতা(৩০৪), সাংগঠনিক সম্পাদক পদত ৰাজু বৰুৱা(২০৯), কোষাধ্যক্ষ পদত নয়ন প্ৰতিম কুমাৰ(৩৫৫), সাংস্কৃতিক সম্পাদকৰ পদত পল্লৱী বৰা(৩৬৯) আৰু ক্ৰীড়া সম্পাদক পদত ধীৰাজ হাজৰিকাই ২৮২টা ভোট লাভ কৰি জয়লাভ কৰে। নতুন কমিটিয়ে গুৱাহাটী প্ৰেছ ক্লাৱৰ অভাৱ অভিযোগ দূৰ কৰাৰ লগতে দেশৰ ভিতৰতে সৰ্বাংগ সুন্দৰ প্ৰেছ ক্লাৱ ৰূপে পৰিগণিত কৰাব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে ৷

ঘোষণা হ'ল গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচনৰ ফলাফল
Last Updated : Mar 13, 2020, 9:14 PM IST

ABOUT THE AUTHOR

...view details