অসম

assam

ETV Bharat / state

Guwahati Press Club: গুৱাহাটী প্ৰেছ ক্লাৱৰ সোণালী জয়ন্তী অনুষ্ঠানৰ শুভাৰম্ভ - Guwahati Press Club celebrated Golden Jubilee

গুৱাহাটী প্ৰেছ ক্লাৱৰ সোণালী জয়ন্তীৰ কাৰ্যসূচী আৰম্ভ (Guwahati Press Club)। সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি মুকলি কৰা হ’ব সাংবাদিকৰ সন্তানৰ বাবে গ্ৰহণ কৰা বিশেষ আঁচনি 'গিফট এ চাইল্ড এডুকেশ্যন '।

Guwahati Press Club celebrated Golden Jubilee
গুৱাহাটী প্ৰেছ ক্লাৱৰ সোণালী জয়ন্তী

By

Published : Mar 20, 2023, 9:49 PM IST

গুৱাহাটী প্ৰেছ ক্লাৱৰ সোণালী জয়ন্তী

গুৱাহাটী, ২০ মাৰ্চ:গুৱাহাটী প্ৰেছ ক্লাৱৰ সোণালী জয়ন্তীৰ কাৰ্যসূচী সোমবাৰে পুৱা আৰম্ভ হয় । এই উপলক্ষে পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণেৰে আৰম্ভ হয় এই অনুষ্ঠানৰ (Guwahati Press Club celebrated Golden Jubilee)। গুৱাহাটী প্ৰেছ ক্লাৱ প্ৰাংগণত পতাকা উত্তোলন কৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি মনোজ কুমাৰে নাথে । স্মৃতি তৰ্পণ কৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ সম্পাদক সঞ্জয় ৰয়ে । আনহাতে, শ্ৰীমন্ত কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত ৰাজ্যৰ ৫০ গৰাকী জ্যেষ্ঠ আৰু প্ৰবীণ সাংবাদিকে ৫০ গছি বন্তি প্ৰজ্বলন কৰিব ৷ প্ৰবীণ সাংবাদিকসকলক প্ৰেছ ক্লাৱৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনাও জ্ঞাপন কৰা হ’ব ৷

শ্ৰীমন্ত কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা অংশগ্ৰহণ কৰিব ৷ উক্ত সভাত তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকা, ৰাজ্যিক তথ্য আয়ুক্ত ড৹ সমুদ্ৰগুপ্ত কাশ্যপ আৰু বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ৰাহুল আমিনো উপস্থিত থাকিব ৷ তদুপৰি সোণালী জয়ন্তী বৰ্ষ উপলক্ষ্যে গুৱাহাটী প্ৰেছ ক্লাৱে ৰাজ্যৰ চাৰিগৰাকী প্ৰবীণ সাংবাদিক প্ৰফুল্ল গোবিন্দ বৰুৱা, ধীৰেন্দ্ৰ নাথ বেজবৰুৱা, অনিল বৰুৱা আৰু কনকসেন ডেকাক আগবঢ়াব জীৱনজোৰা সাধনা সন্মান (Golden Jubilee of Guwahati Press Club) ৷ উক্ত অনুষ্ঠানতে সোণালী জয়ন্তী বৰ্ষৰ স্মৃতিগ্ৰন্থ ‘স্বৰ্ণিল’ উন্মোচন কৰা হ’ব ৷ তদুপৰি ইয়াৰ সৈতে সংগতি ৰাখি ৰাজ্য চৰকাৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ বাবে আৱণ্টন দিয়া ভূমিত প্ৰেছ ক্লাৱৰ স্থায়ী গৃহৰ শিলান্যাসো সম্পন্ন কৰা হ’ব ৷

সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি মুকলি কৰা হ’ব সাংবাদিকৰ সন্তানৰ বাবে গ্ৰহণ কৰা বিশেষ আঁচনি 'গিফট এ চাইল্ড এডুকেশ্যন ' ৷ ইপিনে,সন্ধিয়া ৬.৩০ বজাত সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ কৰিব অভিনেত্ৰী মলয়া গোস্বামীয়ে ৷ এই অনুষ্ঠানটোত জুবিন গাৰ্গ ,খগেন গগৈ , বিদ্যাসাগৰ ,প্ৰিয়ংকা ভৰালী ,দীপলিনা ডেকাই সংগীত পৰিৱমশন কৰিব । সেই অনুষ্ঠানত অসমীয়াৰ আপোন বিহু প্ৰদৰ্শন কৰা হ'ব সাংবাদিকসকলৰ দ্বাৰা ৷

লগতে পঢ়ক:Golden Jubilee of Guwahati Press Club: ঢোল-পেঁপাৰ শব্দত কঁপিছে গুৱাহাটী প্ৰেছক্লাৱ; 20 মাৰ্চত সোণালী জয়ন্তীৰ উদ্বোধনী

ABOUT THE AUTHOR

...view details