অসম

assam

Puja preparation in Guwahati: পূজাৰ নামত উদ্ভণ্ডালি, ধমকিৰে বৰঙণি সংগ্ৰহ নকৰিবলৈ প্ৰশাসনৰ আহ্বান

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 7:18 PM IST

কামৰূপ মহানগৰ জিলাত শাৰদীয় দুৰ্গোৎসৱ উদযাপন সন্দৰ্ভত আলোচনা । পূজাৰ নামত উদ্ভণ্ডালি, দাবী-ধমকিৰে বৰঙণি সংগ্ৰহ নকৰিবলৈ আহ্বান । পৰিৱেশ অনুকূল পূজা উদযাপনত গুৰুত্ব ।

instructions for idol immersion
শাৰদীয় দুৰ্গোৎসৱ উদযাপন সন্দৰ্ভত আলোচনা

শাৰদীয় দুৰ্গোৎসৱ উদযাপন সন্দৰ্ভত আলোচনা

গুৱাহাটী, ৩ অক্টোবৰ: কামৰূপ মহানগৰ জিলাত সমাগত শাৰদীয় দুৰ্গোৎসৱ সুকলমে উদযাপন কৰা সন্দৰ্ভত আলোচনাৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ উদ্যোগত মঙলবাৰে জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত এখন বৈঠক অনুষ্ঠিত হয় ৷

গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা, জিলা আয়ুক্ত পল্লৱ গোপাল ঝা প্ৰমুখ্যে জিলা প্ৰশাসন, আৰক্ষী, পৌৰ নিগমকে ধৰি বিভিন্ন চৰকাৰী বিভাগৰ জ্যেষ্ঠ বিষয়া, দুৰ্গা পূজা উদযাপন সমিতিসমূহৰ বিষয়ববীয়াই বৈঠকত অংশগ্ৰহণ কৰে ৷ এই বৈঠকত দুৰ্গা পূজা উদযাপন সমিতিসমূহে পূজাৰ দিনকেইটাত আৰু প্ৰতিমা বিসৰ্জনৰ সময়ত পালন কৰিবলগীয়া কিছু নিৰ্দেশনা অতিৰিক্ত জিলা আয়ুক্ত ড৹ ধ্ৰুৱজ্যোতি হাজৰিকাই অৱগত কৰে ৷

প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে নিৰ্ধাৰণ কৰা নিৰ্দেশনাৰ বিষয়েও পূজা উদযাপন সমিতিসমূহক অৱগত কৰা হয় ৷ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে প্ৰতিমা নিৰ্মাণত আৰু পূজাৰ সময়ত কেৱল পৰিবেশ অনুকূল সামগ্ৰী ব্যৱহাৰ কৰিবলৈ, কোনোধৰণৰ প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ নকৰিবলৈ, প্ৰতিমা বিসৰ্জনৰ পিছত ৰৈ যোৱা অৱশেষ যথাসম্ভৱ সোনকালে নষ্ট কৰি পেলোৱা, প্ৰতিমা বিসৰ্জন স্থান ভালকৈ বেৰা দি লোৱাকে ধৰি কেবাইটাও নিৰ্দেশ দিছে ৷ পৰিষদৰ নিৰ্দেশসমূহ পালনত সৰ্বাধিক গুৰুত্ব দিবলৈ প্ৰশাসনে সমিতিসমূহক আহ্বান জনায় ৷

জিলা আয়ুক্ত পল্লৱ গোপাল ঝাই সঠিকভাৱে জাবৰ ব্যৱস্থাপনা কৰা, প্ৰতিখন পূজা মণ্ডপত চি চি কেমেৰা স্থাপন, পূজা মণ্ডপৰ বাবে অগ্নি নিৰ্বাপন আৰু এ পি ডি চি এলৰ সুৰক্ষা প্ৰমাণপত্ৰ সঠিকভাৱে সংগ্ৰহ, বিসৰ্জনৰ সময়ত গাড়ী আৰু মানুহৰ সংখ্যা যথাসম্ভৱ কম কৰা আদি বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷

আৰক্ষী আয়ুক্ত দিগন্ত বৰাই পূজাৰ সময়ত বিক্ষিপ্ত ঘটনা বা ভুল বুজাবুজি নহয় তাৰ ওপৰত চকু ৰাখিবলৈ, পূজা উদযাপনৰ নামত ৰাইজে স্ব-ইচ্ছাই দিয়া বৰঙণিৰ বাহিৰে আন উপায়েৰে বৰঙণি সংগ্ৰহ নকৰিবলৈ, পূজা মণ্ডপৰ বাবে যাতে যান-জঁট সৃষ্টি নহয় তাৰ প্ৰতি বিশেষ নজৰ ৰাখিবলৈ আহ্বান জনায় ।

তেওঁ অগ্নি নিৰ্বাপন বাহিনীৰ গাড়ী সহজে যাব পৰা পথ ৰাখিহে মণ্ডপ সাজিবলৈ, আলোকজ্জাৰ সামগ্ৰী আৰু সংযোগসমূহ উপযুক্ত কাৰিকৰী জ্ঞান থকা লোকৰ দ্বাৰা পৰীক্ষা কৰি ল'বলৈ, বিসৰ্জনৰ সময়ত ৰাগিয়াল সামগ্ৰী সেৱনৰ পৰা সকলোকে বিৰত ৰাখিবলৈ পূজা উদযাপন সমিতিসমূহৰ প্ৰতি আহ্বান জনায় ৷

আৰক্ষী আয়ুক্তগৰাকীয়ে লগতে কয় যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা ভংগ কৰি নিশা ১০ বজাৰ পিছত উচ্চ প্ৰাৱল্যৰ শব্দযন্ত্ৰ ব্যৱহাৰ কৰিলে আৰক্ষী যথেষ্ট কঠোৰ হ'ব আৰু এই সন্দৰ্ভত অভিযোগ পালে আইনী ব্যৱস্থা লোৱাৰ লগতে শব্দযন্ত্ৰসমূহ জব্দ কৰাৰ দৰে পদক্ষেপো লোৱা হ'ব ৷

আনন্দ ফুৰ্তিৰ মাজেৰে দূৰ্গোৎসৱ উদযাপনত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা সকলোধৰণৰ সহায় কৰাৰ আশ্বাস দি আৰক্ষী আয়ুক্তগৰাকীয়ে শান্তিপূৰ্ণ আৰু সুশৃংখলিতভাৱে পূজা উদযাপনত ৰাইজৰ পৰাও সৰ্বতোপ্ৰকাৰৰ সহযোগিতা কামনা কৰে ৷ এই সভাখনত পূজা সমিতিৰ একাংশ বিষয়াববীয়াই তেওঁলোকৰ সমস্যা,পৰামৰ্শ আদি সদৰী কৰে আৰু প্ৰশাসনৰ তৰফৰ পৰা যথোপযুক্ত পদক্ষেপ লোৱাৰ নিশ্চয়তা দিয়া হয় ৷

লগতে পঢ়ক:Protest in Lakhimpur:স্বায়ত্তশাসিত পৰিষদক ষষ্ঠ অনুসূচীত অন্তর্ভুক্তিৰ দাবীত উত্তাল লখিমপুৰ

ABOUT THE AUTHOR

...view details