Guwahati Police Press meet গুৱাহাটী, 20 জুন:অম্বুবাচী মেলাৰ বাবে মহানগৰীত কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে আৰক্ষী প্ৰশাসনে ৷ আগন্তুক আম্বুবাচী মেলাৰ বাবে মঙলবাৰে আৰক্ষী প্ৰশাসনে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে ৷ আইন শৃংখলাৰ লগতে আম্বুবাচী মেলাৰ সময়ত যাতে মহানগৰবাসীয়ে যাতায়তৰ বাবে অসুবিধাৰ সন্মুখীন নহয় আৰু যান-জটৰ সমস্যা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে ৷
আৰক্ষী প্ৰশাসন আৰু জিলা প্ৰশাসনে যুটীয়াভাৱে আয়োজন কৰা সংবাদমেলত মহানগৰ যানবাহন শাখাৰ ডি চি পি হিৰণ্য কুমাৰ বৰ্মণে কয়- মহানগৰীত যান-জটৰ সমস্যা ৰোধ কৰিবলৈ ২২ জুনৰ পৰা ২৬ জুনলৈ জাৰি কৰা হৈছে কিছু পথ নিৰ্দেশনা । ২২ জুনৰ আবেলি 4 বজাৰ পৰা পৰা ২৬ জুন দুপৰীয়া 12 বজালৈ কামাখ্যা তলৰ পৰা কামাখ্যা মন্দিৰলৈ ফেৰী গাড়ীৰ বাহিৰে আন যান বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে । কেৱল স্থানীয় বাসিন্দাৰ বাবেহে ৷
২২ জুনৰ পৰা ২৬ জুনলৈ সামগ্ৰী কঢ়িওৱা লঘু আৰু গধুৰ বাহন ডি জি ৰোড, এম জি ৰোড, এ টি ৰোডত চলাচল বন্ধ কৰা হৈছে । কেৱল তিনি চকীয়া লঘু সামগ্ৰী কঢ়িওৱা বাহন নিশা ১২ বজাৰ পৰা পুৱা ৬ বজালৈ চলাচলতহে অনুমতি দিয়া হৈছে । ২২ জুনৰ পৰা ২৬ জুনৰ এই সময়ছোৱাত ডি জি ৰোড , এম জি ৰোড, এ টি ৰোডত আন্তঃজিলা বাছ সেৱাৰ চলাচল বন্ধ কৰা হৈছে ।
আনহাতে কামাখ্যা মন্দিৰলৈ মালিগাঁও দিশৰ পৰা অহা বাহনসমূহ সোণাৰাম খেলপথাৰত পাৰ্কিঙৰ ব্যৱস্থা কৰাৰ লগতে ভৰলুমুখৰ ফালৰ পৰা অহা বাহনসমূহ বৰিপাৰা খেলপথাৰ আৰু আদাবাৰী বাছ আস্থানত পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে । আনহাতে পাণ্ডুৰ পৰা কামাখ্যালৈ অহা নতুন পথটোৰে যানবাহন চলাচল বন্ধ কৰাৰ লগতে মালিগাঁৱৰ নিৰ্মীয়মান উৰণ সেতুৰ তলত কোনো বাহন পাৰ্কিং কৰিব নোৱাৰিব ।
লগতে পঢ়ক:Ambubachi Mela 2023:অম্বুবাচী মেলালৈ মাজত এটা এদিন, সাজু আৰক্ষী প্ৰশাসন