অসম

assam

ETV Bharat / state

Assam Police constable: গায়ত্ৰী হাজৰিকাক শিলসাঁকোৰ উচ্ছেদত নিয়োজিত কৰা হোৱা নাছিল: মহানগৰ আৰক্ষী - কনিষ্টবল জুৰি বৈশ্য

যোৱা ৪ ছেপ্টেম্বৰৰ সন্ধিয়া পৰা নিৰুদ্দেশ হৈ আছিল গায়ত্ৰী হাজৰিকা। এই কথা গায়ত্ৰী হাজৰিকাৰ ৰূমমেট কনিষ্টবল জুৰি বৈশ্যই পল্টনবজাৰ আৰক্ষী থানাত সোমবাৰে নিশা প্ৰায় ১১.৪৫ বজাত জনাইছিল। ইয়াৰ পিচতে আৰক্ষীয়ে তেওঁৰ সন্ধান অব্যাহত ৰাখিছিল। তেনে সময়তে মঙলবাৰে পুৱা ৮ বজাত পুৰণি শৰাইঘাট দলঙত গায়ত্ৰী হাজৰিকাৰ চেণ্ডেল, ম’বাইল, চশমা উদ্ধাৰ কৰা হৈছিল ।

Guwahati police press release
গায়ত্ৰী হাজৰিকাক শিলসাঁকোৰ উচ্ছেদত নিয়োজিত কৰা হোৱা নাছিল: মহানগৰ আৰক্ষী

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 5:57 PM IST

গায়ত্ৰী হাজৰিকাক শিলসাঁকোৰ উচ্ছেদত নিয়োজিত কৰা হোৱা নাছিল: মহানগৰ আৰক্ষী

গুৱাহাটী, ৫ ছেপ্টেম্বৰ: পল্টনবজাৰ থানাৰ ডব্লিউ পি চি গায়ত্ৰী হাজৰিকাক শিলসাঁকোৰ উচ্ছেদত নিয়োজিত কৰা হোৱা নাছিল বুলি জানিবলৈ দিয়ে মহানগৰ আৰক্ষীয়ে । মঙলবাৰে পুৱাই পল্টনবজাৰ থানাৰ মহিলা কনিষ্টবল গায়ত্ৰী হাজৰিকা নিখোঁজ হৈ থকাৰ বাতৰি প্ৰকাশৰ পিচতে শৰাইঘাট দলঙৰ পাৰত উদ্ধাৰ হৈছে গায়ত্ৰীৰ ম’বাইল ফোন, চেণ্ডেল, চশমাকে ধৰি আৰু বহুকেইপদ সামগ্ৰী । লগতে বাতৰিত প্ৰকাশ কৰা হৈছিল যে, শিলসাঁকোৰ উচ্ছেদত কৰ্মৰত হৈ আছিল মহিলা আৰক্ষী কনিষ্টবলগৰাকী ।

শিলসাঁকোত কৰ্তব্য নকৰো বুলি বাৰম্বাৰ আৰক্ষীৰ শীৰ্ষ বিষয়াক গায়ত্ৰীয়ে জনোৱাৰ পিচতো গায়ত্ৰীৰ কথাক কোনো গুৰুত্ব নিদি আৰক্ষীৰ শীৰ্ষ বিষয়াই শিলসাঁকোৰ উচ্ছেদত নিয়োজিত কৰিছিল তেওঁক । ইয়াৰে পিচতে আৰক্ষী কনিষ্টবল গায়ত্ৰী হাজৰিকাই ব্ৰহ্মপুত্ৰত জাঁপ দি আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছিল একাংশ লোকে ৷ আনকি এই ঘটনাক আৰক্ষীয়ে গাপ দিবলৈ চেষ্টা কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন হৈছিল ৷

ইয়াৰ পিচতে মহানগৰ আৰক্ষীয়ে এক প্ৰেছ বিবৃত্তিযোগে সদৰী কৰে যে, গায়ত্ৰী হাজৰিকাৰ কোনো ছুইচাইড নোট আৰক্ষীয়ে উদ্ধাৰ কৰা নাই ৷ যোৱা ৪ ছেপ্টেম্বৰৰ সন্ধিয়া পৰা নিৰুদ্দেশ হৈ আছিল গায়ত্ৰী হাজৰিকা। এই কথা গায়ত্ৰী হাজৰিকাৰ ৰূমমেট কনিষ্টবল জুৰি বৈশ্যই পল্টন বজাৰ আৰক্ষী থানাত সোমবাৰে নিশা প্ৰায় ১১.৪৫ বজাত জনাইছিল। ইয়াৰ পিচতে আৰক্ষীয়ে তেওঁৰ সন্ধান অব্যাহত ৰাখিছিল। তেনে সময়তে মঙলবাৰে পুৱা ৮ বজাত পুৰণি শৰাইঘাট দলঙত গায়ত্ৰী হাজৰিকাৰ চেণ্ডেল, ম’বাইল, চশমা উদ্ধাৰ কৰা হৈছিল । সম্প্ৰতিও সন্ধানহীন হৈ আছে গায়ত্ৰী হাজৰিকা ৷

উল্লেখ্য যে, নগাঁও জিলাৰ বঢ়মপুৰৰ গায়ত্ৰী হাজৰিকাই ২০০৮ চনত অসম আৰক্ষীত যোগদান কৰিছিল। ২০১৫ মহানগৰ আৰক্ষী আয়ুক্তালয়ত যোগদান কৰিছিল গায়ত্ৰীয়ে। ২০২০ চনৰ পৰা পল্টনবজাৰ আৰক্ষী থানাত কৰ্মৰত হৈ আছিল গায়ত্ৰী হাজৰিকা। স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ বাবে ১৪ জুলাইৰ পৰা চুটিত আছিল যদিও ২০ আগষ্টত পুনৰ চাকৰিত যোগদান কৰিছিল গায়ত্ৰীয়ে । তেওঁক শিলসাকোৰ উচ্ছেদত নিয়োজিত কৰা হোৱা নাছিল বুলি উল্লেখ কৰে ।

লগতে পঢ়ক:Assam Police constable: নিখোঁজ পল্টন বজাৰ থানাৰ মহিলা কনিষ্টবল গায়ত্ৰী হাজৰিকা; শৰাইঘাট দলঙত উদ্ধাৰ ছেণ্ডেল-ম’বাইল

ABOUT THE AUTHOR

...view details