গুৱাহাটী, 15 মাৰ্চঃ কৰ'ণা ভাইৰাছক লৈ চিন্তিত গুৱাহাটী আৰক্ষী । দেওবাৰে আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই ক'ৰণা ভাইৰাছৰ বাবে লোৱা ব্যৱস্থাৰ সম্পৰ্কে জানিবলৈ দিলে সংবাদমাধ্যমৰ আগত । কোনো ধৰণৰ জন সমাগম হ'ব পৰা অনুষ্ঠান নিষিদ্ধ কৰা হৈছে গুৱাহাটীত এই কথা অৱগত কৰে আৰক্ষী আয়ুক্ত গৰাকীয়ে ।
আনহাতে, সকলো সাৱধানতাৱলী অবলম্বনৰ বাবে নিৰ্দেশ প্ৰদান কৰা হৈছে সকলো আৰক্ষীক । মাস্ক আৰু হেণ্ড ছেনিটচাইজাৰৰ অবৈধ ভাবে দৰ বৃদ্ধিৰ বিষয়তো দৃষ্টি গোচৰ হৈছে আৰক্ষী আয়ুক্তৰ৷ গতিকে এই সন্দৰ্ভত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জানিবলৈ দিলে আয়ুক্ত গৰাকীয়ে ৷ লগতে বিষয় সন্দৰ্ভত নিৰ্দিষ্ট বিভাগক অৱগত কৰা হৈছে বুলি মন্তব্য কৰে মুন্না প্ৰসাদ গুপ্তাই ৷