অসম

assam

ETV Bharat / state

চুপাৰী চিণ্ডিকেটৰ ক্ষেত্ৰত কাকো ৰেহাই দিয়া নহ'বঃ দীপক কুমাৰ

জালুকবাৰীত অবৈধ চুপাৰীৰ ট্ৰাক জব্দ কৰা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰাৰ মন্তব্য গুৱাহাটী আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ ৷

আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ মন্তব্য চুপাৰী চিণ্ডিকেটৰ ক্ষেত্ৰত কাকো ৰেহাই দিয়া নহ'ব

By

Published : Sep 7, 2019, 8:39 PM IST

গুৱাহাটী, 7 ছেপ্তেম্বৰ : শেহতীয়াকৈ ৰাজ্যত আটাইতকৈ চৰ্চিত বিষয় হৈ পৰিছে চুপাৰী চিণ্ডিকেট । ৰাজ্যত অবাধে চলি আছে অবৈধ চুপাৰীৰ ব্যৱসায় ৷ চুপাৰীৰ অবৈধ বেহাত চৰকাৰ আৰু আৰক্ষী জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল কৃষক নেতা অখিল গগৈয়ে । মঙলবাৰে জালুকবাৰীত অবৈধ চুপাৰীৰ ট্ৰাক জব্দ কৰা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত ক্ষীপ্ৰতাৰে আগবঢ়াইছে বুলি মন্তব্য কৰে গুৱাহাটী আৰক্ষী আয়ুক্ত দীপক কুমাৰে ৷ আয়ুক্ত গৰাকীয়ে কয় যে চুপাৰী চিণ্ডিকেটৰ ক্ষেত্ৰত কাকো ৰেহাই দিয়া নহ'ব লগতে বৰ্তমান কৰ বিভাগ, পৰিবহন বিভাগ, শুল্ক বিভাগ আদিয়ে চুপাৰী চিণ্ডিকেটৰ ওপৰত চলাই আছে তদন্ত ।

ইফালে এন আৰ চি প্ৰকাশৰ পিছতে প্ৰতীক হাজেলাক সমালোচনা কৰিছিল বিভিন্নজনে । ইতিমধ্যেই মহানগৰীত হাজেলাৰ বিৰুদ্ধে ৰুজু হৈছে দুটাকৈ গোচৰ । ইয়াৰে এটা গোচৰ মৰিগাঁও এন এছ কেন্দ্ৰৰ সংক্ৰান্তত দিয়া হৈছিল । যাৰ বাবে এই ঘটনা তদন্তৰ বাবে গোচৰটো মৰিগাঁও আৰক্ষীৰ দায়িত্বত দিয়া হৈছে বুলি জনাই আৰক্ষী আয়ুক্ত দীপক কুমাৰে ৷

ABOUT THE AUTHOR

...view details