গুৱাহাটী, 24 জানুৱাৰীঃগণতন্ত্ৰ দিৱসৰ প্ৰাকমূহুৰ্তত আলফা স্বাধীনে এক বিশেষ প্ৰেছ বিজ্ঞপ্তিযোগে গণতন্ত্ৰ দিৱস বৰ্জনৰ আহ্বান জনোৱাৰ লগতে বন্ধ ঘোষণাও কৰিছিল ৷ আলফাৰ এই ঘোষণাৰ পিচতে অধিক তৎপৰ হৈ পৰিছে মহানগৰ আৰক্ষী ৷ গুৱাহাটীৰ ঠায়ে ঠায়ে তীব্ৰতৰ কৰা হৈছে তালাচী অভিযান ৷ মহানগৰৰ বিভিন্ন তালাচী চকী পৰিদৰ্শন কৰি মহানগৰ আৰক্ষী আয়ুক্ত এম.পি গুপ্তাই ইটিভি ভাৰতৰ জৰিয়তে ৰাইজক সতৰ্ক হৈ থকাৰ আহ্বান জনায় ৷
আলফা স্বাধীনৰ বন্ধ সন্দৰ্ভত আৰক্ষী আয়ুক্তৰ প্ৰতিক্ৰিয়া - মহানগৰ আৰক্ষী আয়ুক্ত এম.পি গুপ্তা
গণতন্ত্ৰ দিৱসৰ প্ৰাকমূহুৰ্তত মহানগৰীৰ ঠায়ে ঠায়ে তীব্ৰতৰ কৰা হৈছে তালাচী অভিযান ৷ ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বন জনায় মহানগৰ আৰক্ষী আয়ুক্ত এম.পি গুপ্তাই ৷
![আলফা স্বাধীনৰ বন্ধ সন্দৰ্ভত আৰক্ষী আয়ুক্তৰ প্ৰতিক্ৰিয়া আৰক্ষী আয়ুক্তৰ প্ৰতিক্ৰিয়া](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5830973-158-5830973-1579889261224.jpg)
আৰক্ষী আয়ুক্তৰ প্ৰতিক্ৰিয়া
আলফা স্বাধীনৰ বন্ধ সন্দৰ্ভত আৰক্ষী আয়ুক্তৰ প্ৰতিক্ৰিয়া
লগতে পঢ়ক ঃওদালগুৰিত গণৰাজ্য দিৱসৰ প্ৰস্তুতি