অসম

assam

By

Published : Dec 23, 2022, 8:12 PM IST

ETV Bharat / state

Police massive operation in Across Guwahati: চোৰৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছে মহানগৰ আৰক্ষীয়ে

মহানগৰী আৰক্ষীয়ে বৃহস্পতিবাৰৰ নিশা মহানগৰীৰ বিভিন্ন স্থানত অভিযান চলাই বহু পৰিমাণৰ চুৰি সামগ্ৰী জব্দ কৰে । এই অভিযানৰ সময়ত আৰক্ষীয়ে প্ৰায় শতাধিক লোকক আটক কৰে ৷ ইয়াৰে কেইবাজনকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে(Guwahati police conducted a massive operation) ৷

Police massive operation in Across Guwahati
চোৰৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছে মহানগৰ আৰক্ষীয়ে

মহানগৰ আয়ুক্ত দিগন্ত বৰা

গুৱাহাটী, ২৩ ডিচেম্বৰ:গুৱাহাটী মহানগৰীত শেহতীয়াকৈ বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা । চুৰি-ডকাইতি, হত্যাকাণ্ড, পিষ্টল দেখুৱাই মহিলাৰ ডিঙিৰ চেইন টানি নিয়া ঘটনা নিতৌ সংঘটিত হ’বলৈ ধৰিছে(Crime in Guwahati) । ইয়াকে লৈ এতিয়া মহানগৰ আৰক্ষী প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে । এই অপৰাধমূলক ঘটনাবোৰ ৰোধ কৰাৰ বাবে নৱ-নিযুক্ত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ(Guwahati Police Commissioner Diganta Borah) নেতৃত্বত গুৱাহাটীৰ আটাইকেইখন থানাই বৃহস্পতিবাৰে নিশা যৌথভাৱে মহানগৰীৰ বিভিন্ন স্থানত অভিযান চলায় ৷

মহানগৰ আয়ুক্ত দিগন্ত বৰা

এই অভিযানৰ সময়ত আৰক্ষীয়ে ১০০ তকৈও অধিক লোক আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী জব্দ কৰে । উদ্ধাৰ কৰা সামগ্ৰীৰ ভিতৰত আছে এখন বাইক, তিনিখন স্কুটী, কেইবাটাও ম'বাইল ফোন, লোৰ সামগ্ৰী, টিভি, কেমেৰা, দা-কুঠাৰ আদি । আৰক্ষীয়ে অভিযানৰ সময়ত ড্ৰাগছকে ধৰি বহু পৰিমাণৰ নিচাযুক্ত সামগ্ৰী, কন্টেইনাৰৰ লগতে নগদ ধন জব্দ কৰে(Guwahati police conducted a massive operation) ।

চোৰৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছে মহানগৰ আৰক্ষীয়ে

মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই জানিবলৈ দিয়া অনুসৰি, উদ্ধাৰ হোৱা সামগ্ৰীখিনিৰ প্ৰায়খিনিয়ে দিছপুৰ, গড়চুক, গীতানগৰ থানাৰ অধীনৰ পৰা জব্দ কৰা হৈছে । কেইবাজনো অপৰাধীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । অৱশ্যে বৰ্তমানলৈ গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা তেওঁ বৰ্তমান প্ৰকাশ কৰাৰ ক্ষেত্ৰত অপৰাগতা প্ৰকাশ কৰে ৷ আৰক্ষী থানাসমূহৰ পৰা লাভ কৰা তথ্যৰ পাছতহে তেওঁ গ্ৰেপ্তাৰ কৰা লোকৰ সমখ্যা জানিব পৰা হ’ব বুলি সদৰী কৰে ৷

তেওঁ লগতে বৃহস্পতিবাৰৰ নিশা আৰক্ষীৰ এনকাউন্টাৰৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে(Police Encounter in Guwahati) ৷ তেওঁ কয় যে, আৰক্ষীৰ ভাষাত এনকাউণ্টাৰৰ দৰে কোনো শব্দ নাই আৰু অপৰাধীসকলক গ্ৰেপ্তাৰ কৰিবলৈ যি প্ৰয়োজন সেয়া কৰা হয় । কেতিয়াবা আমি আইনৰ সীমাৰ ভিতৰত কিছুমান চৰম পদক্ষেপ ল'ব লাগিব । তেওঁ লগতে কয় যে গৌৰৱ পাল আৰু মুকেশ কুমাৰ দুয়োটা চোৰ সোণৰ চেইন কঢ়া, মোবাইল ফোন চুৰি আদিৰ দৰে কেইবাটাও ঘটনাত জড়িত আছিল ।

তেওঁ লগতে কয় যে, আৰক্ষীয়ে দুয়োৰে পৰা বহু চুৰি সামগ্ৰী উদ্ধাৰ কৰিছে । তেওঁ আৰু কয় যে, চোৰে কেতিয়াও নকয় যে তেওঁলোকে চুৰি কৰিছে আৰু পৰিয়ালৰ লোকে তেওঁলোকৰ সন্তানে কৰা কাম বিশ্বাস কৰিব নিবিচাৰে । তেওঁ আৰু কৈছিল যে যোৱা কেইদিনমানৰ পৰা চহৰখনত চেইন টানি নিয়া, মোবাইল ফোন কাঢ়ি নিয়া আৰু বহুতো অপৰাধমূলক কাৰ্যকলাপৰ খবৰ পোৱা গৈছে ।

নতুন আৰক্ষী আয়ুক্তগৰাকীয়ে লগতে মহানগৰ আৰক্ষীয়ে চোৰৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বুলি উল্লেখ কৰি এই প্ৰত্যাহ্বান গ্ৰহণ কৰি মোকাবিলা কৰিবলৈ আগবঢ়াৰ কথা উল্লেখ কৰে ৷ তেওঁ মহানগৰবাসীৰ সৈতে গুৱাহাটী আৰক্ষী সদায় আছে বুলি উল্লেখ কৰি গুৱাহাটীবাসীক আৰক্ষীৰ ওপৰত বিশ্বাস ৰাখিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: Police Commissioner Diganta Borah: মহানগৰীত অপৰাধ ৰোধৰ আশ্বাস নতুন আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ

ABOUT THE AUTHOR

...view details