গুৱাহাটী,২৩ ছেপ্টেম্বৰ :সমগ্ৰ অসমতে ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে ।নিষিদ্ধ ড্ৰাগছৰ (Drugs) সমান্তৰালভাৱে অন্য নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে গুৱাহাটী আৰক্ষীয়েও (City police) অভিযান তীব্রতৰ কৰি তুলিছে । এই অভিযানৰ অংশ হিচাপে আৰক্ষীৰ এটা বিশেষ অভিযানকাৰী দলে বুধবাৰে নিশা মহানগৰীৰ বৃহত্তৰ বোন্দা অঞ্চলত অভিযান চলাই বুজন পৰিমাণৰ গাঞ্জা (Ganja) আৰু এগৰাকী মহিলাসহ চাৰিজনকৈ চোৰাং গাঞ্জা ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় ।
আটক কৰা চোৰাং ব্যৱসায়কেইটা হৈছে বোন্দাৰ দীপক চৰকাৰ, আমগাঁও খেৰবাৰীৰ হাবিদুল ৰহমান, ওদালগুৰিৰ দিলীপ দৈমাৰী আৰু অঞ্জনা চৰকাৰ নামৰ এগৰাকী মহিলা ব্যৱসায়ী । ইতিমধ্যে আটকাধীন আটাইকেইটা গাঞ্জা ব্যৱসায়ীৰ বিৰুদ্ধে প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাত ২০(c)/29 NDPS act 1985 ত গোচৰ ৰুজু কৰি আটাইকেইটাক বৃহস্পতিবাৰে আদালতত হাজিৰ কৰাৰ পাছত জেললৈ প্ৰেৰণ কৰে । মন কৰিবলগীয়া কথা এই যে আটকাধীন দিলীপ দৈমাৰী ইয়াৰ পূৰ্বেও চোৰাং গাঞ্জা ব্যৱসায়ৰ লগত জড়িত থকাৰ অপৰাধত জেললৈ যাবলগীয়া হৈছিল ।