অসম

assam

ETV Bharat / state

কালাপাহাৰ হত্যাকাণ্ড সন্দৰ্ভত দুজনক গ্ৰেপ্ত‍াৰ: পলাতক আন দুজন - গুৱাহাটী হত্যাকাণ্ড

গুৱাহাটীৰ কালাপাহাৰত সোমবাৰে অনু হাজৰিকা নামৰ এগৰাকী 60 বছৰীয়া মহিলাক কোনো দুষ্কৃতিকাৰীয়ে নৃশংসভাৱে হত্যা(Murder in Guwahati) কৰি ঘৰৰ সা-সম্পদ লুটি নিয়ে । মহিলাগৰাকী অকলে বাস কৰাৰ সুযোগ লৈ দুৰ্বৃত্তই তেওঁৰ হাত-ভৰি বান্ধি হত্যা কৰা বুলি আৰক্ষীয়ে সন্দেহ কৰে ৷ এই হত্যাকাণ্ড সন্দৰ্ভত বৃহস্পতিবাৰে গুৱাহাটী আৰক্ষী আয়ুক্ত হৰমিত সিঙে এক সংবাদমেলৰ আয়োজন কৰি সমগ্ৰ তথ্য সদৰি কৰে ।

Guwahati Police arrest 2 suspects in Kalapahar murder Case
কালাপাহাৰ হত্যাকাণ্ড সন্দৰ্ভত দুজনক গ্ৰেপ্ত‍াৰ

By

Published : Feb 11, 2022, 10:09 AM IST

গুৱাহাটী, 11 ফেব্ৰুৱাৰী :গুৱাহাটীৰ কালাপাহাৰত সংঘটিত হোৱা হত্যাকাণ্ডৰ(Kalapahar murder Case) ঘটনাই নতুন মোৰ লৈছে । হত্যাকাণ্ডটোৰ লগত জড়িত বাহাৰুল ইছলাম আৰু ৰুবিনা বেগমক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । এই সন্দৰ্ভত গুৱাহাটী আৰক্ষী আয়ুক্ত হৰমিত সিঙে(Guwahati Police Commissioner Harmeet Singh) বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত কয় যে হত্যাকাণ্ডটোত বাহাৰুল ইছলাম আৰু বাহাৰুলৰ ভাতৃ জড়িত আছে । চাৰিজন ব্যক্তিয়ে মিলি অনু হাজৰিকাক হত্যা কৰিছিল ।

গুৱাহাটী আৰক্ষী আয়ুক্ত হৰমিত সিং

আৰক্ষী আয়ুক্তগৰাকীয়ে সংবাদমেলত সদৰি কৰা সন্দৰ্ভত বৰ্তমান দুজন পলাতক হৈ আছে । হত্যাকাণ্ড সংঘটিত কৰাৰ ক্ষেত্ৰত সহায় কৰিছিল ৰুবিনা বেগম নামৰ মহিলাগৰাকীয়ে । ৰুবিনা বেগম ধৃত বাহাৰুল ইছলামৰৰ ভাতৃ পত্নী । ইফালে সন্দেহৰ আৱৰ্তত আছে অনু হাজৰিকাৰ এজন ঘনিষ্ঠ লোক । মূল অভিযুক্ত বাহাৰুল ইছলামৰ ভাতৃ বহিঃৰাজ্যত আত্মগোপন কৰি আছে বুলি আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে ।

ইফালে এতিয়ালৈকে নিশ্চিত হোৱা নাই হত্যাকাণ্ড সংঘটিত কৰি কিমান ধন লৈ গৈছে হত্যাকাৰীয়ে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জোৰদাৰ গতিত তদন্ত অব্যাহত ৰাখিছে । আৰক্ষী আয়ুক্তগৰাকীয়ে কয় যে হত্যাকাৰী চিনাক্ত হৈছে আৰু এইক্ষেত্ৰত আৰক্ষীয়ে নিজৰ কাম কৰি আছে । শীঘ্ৰেই সকলো আৰক্ষীৰ জালত পৰিব বুলি সংবাদমেলত উল্লেখ কৰে গুৱাহাটী আৰক্ষী আয়ুক্ত হৰমিত সিঙে ।

লগতে পঢ়ক :উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল কৃষি বিভাগৰ জ্যেষ্ঠ সহায়িকা

ABOUT THE AUTHOR

...view details