অসম

assam

By

Published : Aug 18, 2020, 5:05 PM IST

ETV Bharat / state

পেট্ৰল, ডিজেলৰ নামত পানী বিক্ৰি কৰা এটা পেট্ৰল পাম্প

এখন দুখন নহয় কেইবাখনো বাহনত মঙলবাৰে দিনৰ ভাগত কেইবাজনো গ্ৰাহকে ডিজেল ভৰাবলৈ আহিছিল মানস ছাৰ্ভিছ ষ্টেচন নামৰ এই পেট্ৰ'ল পাম্পটোত। কিন্তু পেট্ৰ'ল পাম্পটোত তেল ভৰোৱাৰ পাছত আধা বাটতেই বন্ধ হৈ পৰে সকলো বাহন। ফলত গ্ৰাহকে পেট্ৰ'ল পাম্পৰ কৰ্তৃপক্ষক এই ঘটনা সন্দৰ্ভত অভিযোগ দাখিল কৰে ।

Guwahati
মঠঘৰীয়াৰ পেট্ৰ'ল পাম্পত তেলৰ নামত ওলাল পানী

গুৱাহাটী, 18 আগষ্টঃ মহানগৰীৰ পেট্ৰ'ল পাম্পত উত্তেজনা ৷ ভেজাল তেল বিক্ৰী কৰাৰ অভিযোগত সৃষ্টি হয় এই উত্তেজনা ৷ ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, মহানগৰীৰ মঠঘৰীয়াস্থিত কাৰ্বন গেটৰ মানস ছাৰ্ভিছ ষ্টেচন নামৰ পেট্ৰ'ল পাম্পটোত তেলৰ লগত পানী মিলাই বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰে গ্ৰহাকসকলে ৷

লগতে পঢ়কঃমন্ত্ৰী চন্দন ব্ৰহ্মৰ জন্মই হৈছে ঠগিবলৈ : নিৰ্মল কুমাৰ ব্ৰহ্ম

এখন দুখন নহয় কেইবাখনো বাহনত মঙলবাৰে দিনৰ ভাগত কেইবাজনো গ্ৰাহকে ডিজেল ভৰাবলৈ আহিছিল মানস ছাৰ্ভিছ ষ্টেচন নামৰ এই পেট্ৰ'ল পাম্পটোত। কিন্তু পেট্ৰ'ল পাম্পটোত তেল ভৰোৱাৰ পাছত আধা বাটতেই বন্ধ হৈ পৰে সকলো বাহন। ফলত গ্ৰাহকে পেট্ৰ'ল পাম্পৰ কৰ্তৃপক্ষক এই ঘটনা সম্পৰ্কত অভিযোগ দাখিল কৰে । লগে লগে গ্ৰাহক আৰু পাম্প কৰ্তৃপক্ষৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় ।

মঠঘৰীয়াৰ পেট্ৰ'ল পাম্পত তেলৰ নামত ওলাল পানী

বাক বিতণ্ডাৰ পিছত গ্ৰাহকে খবৰ দিয়াত উক্ত স্থানত সাংবাদিক উপস্থিত হোৱাত পেট্ৰ'ল পাম্প কৰ্তৃপক্ষই নিজৰ দোষ স্বীকাৰ কৰে । অৱশেষত দুই পক্ষৰ বুজা বুজিৰ অন্তত পেট্ৰ'ল পাম্প কৰ্তৃপক্ষই তেল ভৰোৱা বিকল বাহন সমূহ গেৰেজত মেৰামতি কৰিবলৈ মান্তি হয় । ইপিনে মঠঘৰীয়াৰ কাৰ্বন গেটৰ মানস ছাৰ্ভিছ ষ্টেচনত পূৰ্বতেও এনে অনুৰূপ ঘটনা সংঘটিত হোৱা বুলি আন একাংশ গ্ৰাহকে অভিযোগ কৰে ৷

ABOUT THE AUTHOR

...view details