গুৱাহাটী, ১১ নৱেম্বৰ :পুৰুষ প্ৰধান সমাজত কিছুলোকৰ বাবে প্ৰতি মুহূৰ্ততে ঘৰুৱা হিংসাৰ বলি হ'ব লাগে একোগৰাকী নাৰী । হিংসাৰ বলি হোৱা নাৰীৰ বেদনা প্ৰসৱ বেদনাতকৈও যন্ত্ৰণাদায়ক । পীড়িত, নিৰ্যাতিত এনে বহু মহিলাৰ ঠিকনা এতিয়া নিৰ্মল আশ্ৰয় গৃহ ।
নিজৰ দুখবোৰ ঢাকি, মুখত এমোকোৰা হাঁহিলৈ প্ৰতি মুহূৰ্তত অসহনীয় বেদনাত থাকিব লাগে একাংশ নাৰী । স্বামী, ভাতৃ, পুত্ৰৰ অত্যাচাৰৰ বলি হৈ একাংশই যদি চৰমপন্থা বাছি লৈছে, একাংশই আকৌ এৰিবলগীয়া হৈছে ঘৰ । গৃহহীন এনে একাংশ নাৰীৰ বাবে এতিয়া আশ্ৰয়ৰ এক নাম ‘‘নিৰ্মল আশ্ৰয় গৃহ’’ ।
অন্য বহু আশ্ৰয় গৃহতকৈ পৃথক, নিৰ্মল আশ্ৰয় গৃহ । এই গৃহত মহিলাসকলক আশ্ৰয় দিয়াৰ উপৰিও তেওঁলোকক স্বাৱলম্বী কৰাৰ বাবে দিয়া হৈছে চিলাই কৰা, আচাৰ বনোৱা, মমবাতি বনোৱা, চকলেট বনোৱা আদিকে ধৰি বহু প্ৰশিক্ষণ । দীপাৱলীৰ এই সময়ছোৱাত এতিয়া এই আশ্ৰয় গৃহত থকা মহিলাসকল ব্যস্ত চাকি প্ৰস্তুত কৰাত ।
পাৰিবাৰিক নিৰ্যাতনৰ বলি হৈ গৃহহাৰা হোৱা মহিলাসকলক স্বাৱলম্বী তথা এটা সুস্থিৰ জীৱন প্ৰদান কৰাৰ উদ্দেশ্যে ১৯৮৭ চনতে প্ৰতিষ্ঠা হৈছিল এই আশ্ৰয় গৃহ । ভাৰতীয় সামজিক স্বাস্থ্য সংস্থাৰ অন্তৰ্গত এই নিৰ্মল আশ্ৰয় গৃহতে গৰ্ভৱস্থাত স্বামী তথা পৰিয়ালৰ নিৰ্যাতনৰ বলি হৈ ঘৰ এৰা মহিলাই সন্তানো জন্ম দিছে ।