গুৱাহাটী, ২৫ জুলাই: ৰাজ্যজুৰি ক্ৰমাৎ অপৰাধজনিত ঘটনা বৃদ্ধি হৈছে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত ইটোৰ পিচত সিটো লোমহৰ্ষক হত্যাকাণ্ডই কঁপাই তুলিছে ৰাজ্য ৷ গোলাঘাট জিলাৰ ট্ৰিপল হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নৌযাঁওতেই এইবাৰ মহানগৰীত দিন দুপৰতে চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ বন্ধুৱে বন্ধুক দিন দুপৰতে শিলেৰে মৰিয়াই মৰিয়াই হত্যা কৰে ৷ এই ঘটনা সংঘটিত হৈছে মহানগৰীৰ ফটাশিল আৰক্ষী থানাৰ অন্তৰ্গত গণেশপাৰাত ৷
সোমবাৰে বিয়লি সংঘটিত হৈছিল এই চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ পিংকু নাথক নামৰ লোকজনক শিলেৰে মৰিয়াই মৰিয়াই হত্যা কৰে তাৰছন আলীয়ে ৷ প্ৰাপ্ত তথ্য মতে দুয়োজনেই আছিল টেম্প চালক ৷ সোমবাৰে প্ৰথমে দুয়োৰে মাজত সৃষ্টি হৈছিল কথা কটাকটি তাৰ পিছতেই সূত্ৰপাত হৈছিল কাজিয়াৰ ৷ সামান্য কথাৰ বাবে কাজিয়াৰ সূত্ৰপাত হৈ প্ৰাণ হেৰুৱাই পিংকুৱে ৷ দুয়োৰে মাজত হোৱা কাজিয়াৰ ফলত পথৰ পৰি থকা শিলেৰে ইজনে আনজনক আঘাত কৰিছিল ৷ এই শিলেৰে কৰা আঘাতৰ ফলতেই মৃত্যু হয় পিংকু নাথৰ ৷