অসম

assam

AAP Press meet: পুঁজিৰ অভাৱত ভুগিছে গুৱাহাটী পৌৰ নিগমৰ কাউন্সিলে; আপৰ অভিযোগ

By

Published : Apr 26, 2023, 10:59 PM IST

গুৱাহাটী পৌৰ নিগমৰ সকলো কাউন্সিলৰে পুঁজিৰ অভাৱৰ বাবে এবছৰ ধৰি গুৱাহাটী পৌৰ নিগমৰ অধীনৰ ৱাৰ্ডৰ ৰাস্তা ঘাটৰ উন্নয়ন সাধন‌ কৰিব পৰা নাই (Guwahati Municipal Council out of funds) ৷ আপৰ ৪২ নং ৱাৰ্ডৰ কাউন্সিলৰ মাচুমা বেগমৰ এবছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হোৱাত এখন সংবাদমেল সম্বোধন কৰি এই মন্তব্য প্ৰকাশ কৰে ৷

Guwahati Municipal Council does not have adequate funds-AAP
গুৱাহাটী পৌৰ নিগম কাউন্সিলৰ নাই পৰ্যাপ্ত পুঁজি

গুৱাহাটী পৌৰ নিগম কাউন্সিলৰ নাই পৰ্যাপ্ত পুঁজি

গুৱাহাটী, 26 এপ্ৰিল: "পুঁজিৰ অভাৱত ভুগিছে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচিত কাউন্সিলে ৷ সেয়া শাসকীয় দলৰে হওক নাইবা বিৰোধী দলৰ কাউন্সিলাৰে হওক ৷ গুৱাহাটী পৌৰ নিগমৰ সকলো কাউন্সিলৰে পুঁজিৰ অভাৱৰ বাবে এবছৰ ধৰি গুৱাহাটী পৌৰ নিগমৰ অধীনৰ ৱাৰ্ডৰ ৰাস্তা ঘাটৰ উন্নয়ন সাধন‌ কৰিব পৰা নাই (Guwahati Municipal Council out of funds) ৷ গুৱাহাটী পৌৰ নিগমৰ মেয়ৰকে ধৰি কাউন্সিলৰ সকলৰ এবছৰ সম্পূৰ্ণ হৈছে ৷ কিন্তু গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডসমূহৰ ৰাস্তা ঘাটৰ অৱস্থা এতিয়াও জৰাজীৰ্ণ হৈ আছে ৷" এই মন্তব্য প্ৰকাশ কৰে ৪২ নং ৱাৰ্ডৰ কাউন্সিলৰ মাচুমা বেগমে ৷

গণেশগুৰিস্থিত আপ অসমৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত বুধবাৰে আপৰ ৪২ নং ৱাৰ্ডৰ কাউন্সিলৰ মাচুমা বেগমৰ এবছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হোৱাত এখন সংবাদমেল সম্বোধন কৰে ৷ তেওঁ কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এবছৰ পূৰ্বে গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডসমূহৰ ৰাস্তা-ঘাটৰ উন্নয়নৰ বাবে প্ৰতিটো ৱাৰ্ডক ১০ কোটিকৈ টকা দিব বুলি প্ৰতিশ্ৰুতি দিছিল (AAP Press meet)৷

কিন্তু আজি এবছৰ হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই প্ৰতিশ্ৰুতি পালন কৰা নাই ৷ মোৰ ৱাৰ্ডটো যথেষ্ট পিছপৰা ৷ তাৰ মাজতে ৱাৰ্ডটোৰ উন্নয়নৰ কাম কৰি আছো ৷ বিৰোধী কাউন্সিলৰ হিচাপে কাম কৰাত অসুবিধা হৈছে (AAP Press meet in Guwahati) ৷ কাৰণ বিৰোধী কাউন্সিলৰ হোৱাৰ বাবে ৱাৰ্ডটোৰ যোগ্য অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ পোৱাৰ ক্ষেত্ৰত সহায় কৰিব পৰা নাই ৷

লগতে পঢ়ক:Mob lynching case: পৰিয়ালৰ সন্মুখতেই মৰিয়াই মৰিয়াই নৃশংভাৱে হত্যা প্ৰাঞ্জল মৰাণক

কাউন্সিলৰ মাচুমা বেগমে (Councilor Masuma Begum) লগতে কয় যে, ৪২ নং ৱাৰ্ডৰ নলাবোৰ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰা হোৱা নাই ৷ ৱাৰ্ডৰ নলাৰ সমস্যা আছে ৷ ৰাস্তাৰ সমস্যা আছে ৷ কিন্তু পৌৰ নিগমৰ ফালৰ পৰা এতিয়ালৈকে কোনো নলাৰ‌ কাম হোৱা নাই ৷ লোক নিৰ্মাণ বিভাগেহে নলাৰ‌ কাম কৰি আছে ৷ বিৰোধী কাউন্সিলৰ হোৱাৰ‌ বাবে ৰাইজৰ হৈ মাত মতাৰ সুযোগ তথা স্বাধীনতা পাইছো ৷‌ কিন্তু বিজেপিৰ কাউন্সিলাৰসকলক ওপৰৰ পৰা চুপ কৰি বহাই ৰখা হৈছে ৷

ABOUT THE AUTHOR

...view details