অসম

assam

ETV Bharat / state

GMC Election 2022: প্ৰচাৰৰ অন্ত পেলাই নিৰ্বাচনৰ বাবে সাজু ৫৭ টা ৱাৰ্ডৰ ১৯৭ গৰাকী প্ৰাৰ্থী

সামৰণি পৰিল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনী প্ৰচাৰ অভিযান (GMC election campaign ends)। গুৱাহাটী পৌৰ নিগমৰ ৬০ ৱাৰ্ডৰ বিপৰীতে ৫৭ টা ৱাৰ্ডত নিৰ্বাচন অনুষ্ঠিত হ'ব । ইতিমধ্যেই ৩ টা ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে । অন্তিম দিনা ব্যাপক প্ৰচাৰ অভিযান দল আৰু প্ৰাৰ্থীৰ । ২২ এপ্ৰিলত অনুষ্ঠিত হ'ব পৌৰ নিগমৰ নিৰ্বাচন । মুঠ ৭,৯৭,৮০৭ গৰাকী ভোটাৰৰ ভিতৰত ৩,৯৭,১২৮ জন পুৰুষ, ৪,০০,৬৫৪ গৰাকী মহিলা আৰু ২৬ গৰাকী তৃতীয় লিংগৰ ভোটাৰ ।

GMC Election 2022
প্ৰচাৰৰ অন্ত পেলাই নিৰ্বাচনৰ বাবে সাজু ৫৭ টা ৱাৰ্ডৰ ১৯৭ গৰাকী প্ৰাৰ্থী

By

Published : Apr 20, 2022, 7:26 PM IST

গুৱাহাটী, ২০ এপ্ৰিল:২২ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিম দিন (GMC election campaign ends)। ইতিমধ্যে বিগত কেইদিনত প্ৰতিটো ৰাজনৈতিক দলৰ ৰথী-মহাৰথীসকলৰ লগতে প্ৰাৰ্থীসকলে দিন-ৰাতি একাকাৰ কৰি চলাই আহিছে নিৰ্বাচনী প্ৰচাৰ । বুধবাৰে অন্তিম দিনা গুৱাহাটী মহানগৰীৰ সৰ্বত্ৰে নিৰ্বাচনী প্ৰচাৰৰ মেলা সদৃশ পৰিৱেশৰ সৃষ্টি হয় । ঠায়ে ঠায়ে পৰিলক্ষিত হয় ৰেলী, শোভাযাত্ৰাকে ধৰি সভা-সমিতি ।

নিৰ্বাচনী প্ৰচাৰৰ নামত শাসক-বিৰোধী সকলো একপ্ৰকাৰ অঘোষিত প্ৰতিযোগিতাত অৱতীৰ্ণ হয় । বিশেষকৈ বিজেপি মিত্ৰজোঁট, কংগ্ৰেছ, অসম জাতীয় পৰিষদ আৰু আম আদমী পাৰ্টীয়ে ৱাৰ্ডে ৱাৰ্ডে চলায় ব্যাপক প্ৰচাৰ অভিযান । উল্লেখ্য যে, ২২ এপ্ৰিলত গুৱাহাটী পৌৰ নিগমৰ ৬০ ৱাৰ্ডৰ বিপৰীতে ৫৭ টা ৱাৰ্ডত নিৰ্বাচন অনুষ্ঠিত হ'ব । কাৰণ ইতিমধ্যেই ৩ টা ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে । বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হোৱা বিজেপিৰ প্ৰাৰ্থী তিনিগৰাকী হৈছে ৫ নম্বৰ ৱাৰ্ডৰ সঞ্জয় দাস, ৬ নম্বৰ ৱাৰ্ডৰ সুতাপা সৰকাৰ আৰু ২২ নম্বৰ ৱাৰ্ডৰ স্মিতা ৰয় ।

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে মুঠ ২১২ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল যদিও চাৰিগৰাকীৰ বাতিল হয় । ইয়াৰ পাছত ২০৮ গৰাকী প্ৰাৰ্থীৰ ভিতৰত আঠ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে । মনোনয়ন প্ৰত্যাহাৰ কৰাৰ পাছত থাকি যোৱা ২০০ গৰাকী প্ৰাৰ্থীৰ ভিতৰত তিনিটা ৱাৰ্ডৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় । এতিয়া ৫৭ টা ৱাৰ্ডত ভাগ্য নিৰ্ণয় হ'ব ১৯৭ গৰাকী প্ৰাৰ্থীৰ (GMC election candidates)। উল্লেখ্য যে প্ৰতিদ্বন্দ্বিতা নোহোৱা তিনিটা ৱাৰ্ডৰ ভিতৰত ৫ নম্বৰ ৱাৰ্ডটো অসংৰক্ষিত হোৱাৰ বিপৰীতে ৬ নম্বৰ ৱাৰ্ডটো অনুসুচিত জাতিৰ মহিলা আৰু ২২ নম্বৰ ৱাৰ্ডটো মহিলাৰ বাবে সংৰক্ষিত আছিল ।

আনহাতে ৬০ টা ৱাৰ্ডৰ ৩০ টা ৱাৰ্ডেই মহিলাৰ বাবে সংৰক্ষিত । ২২ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া এইবাৰৰ পৌৰনিগম নিৰ্বাচনৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ৭,৯৭,৮০৭ গৰাকী । ইয়াৰে ৩,৯৭,১২৮ জন পুৰুষ, ৪,০০,৬৫৪ গৰাকী মহিলা আৰু ২৬ গৰাকী তৃতীয় লিংগৰ ভোটাৰ । আনহাতে ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে ৭৮০ টা । ২৬ এপ্ৰিলত ভোট গণনা অনুষ্ঠিত হোৱাৰ লগতে ঘোষণা কৰা হ'ব ফলাফল (Vote counting date of GMC election 2022)।

লগতে পঢ়ক:গুৱাহাটী পৌৰ নিগম আজুৰি আনিব বিজেপি মিত্ৰজোঁটে : মন্ত্ৰী অতুল বৰা

ABOUT THE AUTHOR

...view details