গুৱাহাটী, 21 ডিচেম্বৰ : গুৱাহাটী মহানগৰীত অবৈধভাৱে ব্যৱসায় চলাই থকা ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে প্ৰশাসন হাঁতোৰা ৷ পৌৰ নিগমৰ ট্ৰেড লাইচেঞ্চ নোহোৱাকৈ অবৈধভাৱে মহানগৰীত ব্যৱসায় কৰি থকা ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে মঙলবাৰে গুৱাহাটী পৌৰ নিগমে (Guwahati Municipal Corporation) চলাই এক অভিযান ৷ এই অভিযানত গুৱাহাটী পৌৰ নিগমে উচ্ছেদ কৰে কেইবাখনো শাক-পাচলিৰ দোকানৰ লগতে মাছ-মাংস বিক্ৰী কৰা দোকানো (GMC drive against unathorised illegal shops in Guwahati) ৷
কেৱল উচ্ছেদ কৰাই নহয়, অস্বাস্থ্যকৰ পৰিৱেশত নীতি বহিঃভূত ভাৱে ব্যৱসায় চলাই যোৱা ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা জৰিমণাও আদায় কৰে গুৱাহাটী পৌৰ নিগমে ৷ গুৱাহাটী পৌৰ নিগমৰ পশু চিকিৎসা শাখাৰ অভিযানকাৰী দলটোৱে মহানগৰ আৰক্ষীৰ সহযোগত মহানগৰীৰ বি কে কাকতি পথ, উলুবাৰী, চেৰাপভাটি, ফটাশিল আমবাৰীৰ গুৱাহাটী পৌৰ নিগমৰ বজাৰ, লাল গণেশ, লখৰা, এ কে আজাদ পথ, কলনি বজাৰ আৰু ফটাশিল আমবাৰী আদি অঞ্চলত চলাই এই অভিযান ৷
লগতে পঢ়ক :GMC drive against unathorised meat vendors : মহানগৰীত ২৫৯ খন মাংসৰ আৰু মাছৰ দোকান উচ্ছেদ