শিক্ষা মন্ত্ৰী চোৰ, শিক্ষা মন্ত্ৰী বিক্ৰী হৈছে : মধ্যাহ্ন ভোজন কৰ্মী - গুৱাহাটী মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ সাংবাদমেল
মধ্যাহ্ন ভোজন কৰ্মীসকলে সংবাদ মেলত 20 নৱেম্বৰৰ ভিতৰত জনতা ভৱন ঘেৰাও কৰাৰ লগতে ৰে'লপথ অৱৰোধ কৰাৰ কথা উল্লেখ কৰে ৷
গুৱাহাটী, 13 নৱেম্বৰ:"শিক্ষামন্ত্ৰীয়ে আমাক লগ নিদিলে ৷ আমি প্ৰতাৰিত হৈছো । লিখিত আৱেদন দিয়াৰ পিচতো লগ নিদিলে শিক্ষামন্ত্ৰীয়ে । আমাৰ আশা,আশা হৈয়ে ৰ'ল। "এই মন্তব্য এগৰাকী ৰন্ধনকৰ্মীৰ ৷ দিছপুৰ প্ৰেছ ক্লাবত বুধবাৰে মধ্যাহ্ন ভোজন কৰ্মচাৰীয়ে সম্বোধন কৰা এখন সাংবাদমেলত উক্ত মন্তব্য কৰে এগৰাকী মধ্যাহ্ন ভোজন কৰ্মীয়ে ৷ ইয়াৰোপৰি মধ্যাহ্ন ভোজন কৰ্মীসকলে সংবাদ মেলত 20 নৱেম্বৰৰ ভিতৰত জনতা ভৱন ঘেৰাও কৰাৰ লগতে ৰেলপথ অৱৰোধ কৰাৰ কথা উল্লেখ কৰে ৷ উক্ত প্ৰতিবাদ কাৰ্যসূচীত প্ৰতিবাদীসকলৰ কোনো ক্ষতি হ'লে তাৰ বাবে শিক্ষামন্ত্ৰী জগৰীয়া হ'ব বুলি মন্তব্য কৰে এগৰাকী কৰ্মীয়ে ৷