অসম

assam

ETV Bharat / state

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হত্যাকাণ্ড - গুৱাহাটী চিকিৎসা মহাবিদ্যালয়

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হত্যাকাণ্ড৷ মংগলবাৰে পুৱা প্ৰায় ৬বজাত সংঘটিত হয় এই হত্যাকাণ্ড৷ বশিষ্ঠ চাৰিআলিৰ চন্দন ধৰ নামৰ লোকজনক হত্যা কৰে বিজনীৰ ইছলাম আলীয়ে

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হত্যাকাণ্ড

By

Published : Sep 17, 2019, 4:47 PM IST

Updated : Sep 17, 2019, 6:20 PM IST

গুৱাহাটী, 17 ছেপ্টেম্বৰঃগুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হৈছে হত্যাকাণ্ডৰ ঘটনা৷ মংগলবাৰে পুৱা প্ৰায় ৬বজাত সংঘটিত হয় এই হত্যাকাণ্ড ৷ বশিষ্ঠ চাৰিআলিৰ চন্দন ধৰ নামৰ লোকজনক হত্যা কৰে বিজনীৰ ইছলাম আলীয়ে ৷

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হত্যাকাণ্ড
উল্লেখযোগ্য যে, ইছলাম আলী আৰু চন্দন ধৰ দুয়োৰে পত্নী প্ৰসূতি বিভাগৰ আই চি ইউত চিকিৎসাধীন হৈ আছিল৷ মংগলবাৰে পুৱা মৃত চন্দন ধৰে হাতত পানী নি থকা অৱস্থাত মূৰ ঘূৰাই বিপৰীত দিশৰ পৰা আহি থকা ইছলাম আলীৰ পত্নীৰ গাত পৰি যায় ৷ তাৰ পাছতে চন্দনৰ ওপৰত আক্ৰমণ চলায় ইছলামে | ফলত থিতাতে নিহত হয় চন্দন ধৰ ৷আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত ৩৯৯/১৯ গোচৰত তথা ৩০২ ধাৰাত নিজে গোচৰ ৰুজু কৰি অভিযুক্ত ইছলামক গ্ৰেপ্তাৰ কৰে ৷
Last Updated : Sep 17, 2019, 6:20 PM IST

ABOUT THE AUTHOR

...view details