গুৱাহাটী,8 নৱেম্বৰ : গুৱাহাটীৰ বজাৰত এতিয়া নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ জুই চাই দাম । দৰিদ্ৰ লোকৰ বাবে যেন বজাৰলৈ যোৱাতো এতিয়া এক প্ৰত্যাহ্বান হৈ পৰিছে । আলু-পিয়াজটো বাদেই, সাধাৰণ শাক-পাচলিৰ মূল্যও যথেষ্ট হাৰত বৃদ্ধি পাইছে । গুৱাহাটীৰ ভৰলুমুখৰ দেওবৰীয়া বজাৰতো বৃদ্ধি হৈছে সামগ্ৰীৰ মূল্য । একাংশ বিক্ৰেতাই নিজ ইচ্ছানুসৰি সামগ্ৰীৰ মূল্যবৃদ্ধি কৰাৰ অভিযোগ গ্ৰাহকসকলৰ ৷
চৰকাৰৰ নিৰ্দেশ অনুসৰি, পিয়াজৰ খুচুৰা মূল্য হৈছে 56-57 টকা । কিন্তু বজাৰত বিক্ৰী হৈছে 60-70 টকাত । বিক্ৰেতাৰ মতে 60 টকাৰ তলত পিয়াজ বিক্ৰী কৰিব নোৱাৰে এইসকল ব্যৱসায়ীয়ে ।