অসম

assam

ETV Bharat / state

মালিগাঁও হত্যাকাণ্ড: সুৰাপান কৰাই স্বামীক হত্যা পত্নীৰ

আৰক্ষীৰ জেৰাত হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে ধৃত শীলা দাসে । শীলাই আৰক্ষীক দিয়া ভাষ্য অনুসৰি, তেওঁ প্ৰেমিকৰ হতুৱাই হত্যা কৰিছে স্বামী গৌবিন্দ দাসক । প্ৰথমে গোবিন্দ দাসক অত্যাধিক সুৰাপান কৰোৱাই দুয়োৱে মিলি ডিঙি চেপি হত্যা কৰে ৷

By

Published : May 6, 2019, 6:27 PM IST

সুৰাপান কৰাই স্বামীক হত্যা পত্নীৰ

গুৱাহাটী, 6 মে': মালিগাঁৱৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ নতুন মোৰ । বিগত 2 মে'ত মালিগাঁও নামবাৰীৰ ৰে'লৱে অফিচাৰ্চ কলনিত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হৈছিল গৌবিন্দ দাস নামৰ এগৰাকী ঠেলাচালকৰ মৃতদেহ । এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল গৌবিন্দৰ পত্নী শীলা দাসক । আৰক্ষীৰ জেৰাত হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে ধৃত শীলা দাসে । শীলাই আৰক্ষীক দিয়া ভাষ্য অনুসৰি, তেওঁ প্ৰেমিকৰ হতুৱাই হত্যা কৰিছে স্বামী গৌবিন্দ দাসক । প্ৰথমে গোবিন্দ দাসক অত্যাধিক সুৰাপান কৰোৱাই দুয়োৱে মিলি ডিঙি চেপি হত্যা কৰে গৌবিন্দক । ইতিমধ্যে আৰক্ষীয়ে 548/18 নম্বৰত এটা গোচৰ ৰুজু কৰি আগবঢ়াইছে ঘটনাৰ তদন্ত প্ৰক্ৰিয়া । ইফালে শীলা দাসৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে দেওবাৰে বৰপেটাৰ পৰা গ্ৰেপ্তাৰ কৰে প্ৰেমিক মহন্ত দাসক । দুয়োকে পৃথকে পৃথকে জেৰা চলাই ঘটনাৰ প্ৰকৃত ৰহস্য ভেদ কৰিবলৈ জালুকবাৰী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত । আনহাতে, এই ঘটনাত কোনো প্ৰকাৰে জড়িত নাই বুলি উল্লেখ কৰে অভিযুক্ত মহন্ত দাসে । এয়া তেওঁৰ বিৰুদ্ধে এক ষড়যন্ত্ৰ বুলিও কয় অভিযুক্ত মহন্ত দাসে ।

সুৰাপান কৰাই স্বামীক হত্যা পত্নীৰ

ABOUT THE AUTHOR

...view details