গুৱাহাটী, 18 অক্টোবৰ : গুৱাহাটীত খোৱাপানী যোগান ধৰা, বিদ্যুৎ মাচুল হ্ৰাসৰ দাবীত আৰু সম্পত্তি কৰ বৃদ্ধি আৰু কৰ সংগ্ৰহ বেচৰকাৰীকৰণৰ বিৰুদ্ধে ২১ অক্টোবৰত চচলত মহানগৰ উন্নয়ন সমিতি, গুৱাহাটীৰ উদ্যোগত বিক্ষোভ-ধর্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব (Guwahati Mahanagar Unnayan Samiti protest)। বৰ্তমানৰ পানী যোগান ব্যৱস্থাত ৭০ শতাংশ গুৱাহাটীবাসী নাগৰিকক বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ আহিছে(Water supply in Guwahati) ।
যিখিনি বিশুদ্ধ খোৱাপানী যোগান ধৰা হৈছে, সেয়াও মুঠেই নিয়মীয়া নহয় আৰু খোৱাৰ অনুপযোগী । এই মন্তব্য মহানগৰ উন্নয়ন সমিতি, গুৱাহাটীৰ সম্পাদক বীৰেণ শৰ্মাৰ । মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত(Guwahati press club) অনুষ্ঠিত সংবাদমেলত এই মন্তব্য কৰি বীৰেণ শৰ্মা কয় যে ইয়াৰ ফলত পানী যোগানৰ ব্যক্তিগত ব্যৱসায় ৰমৰমীয়া হৈ পৰিছে । পানীৰ বাবে গুৱাহাটীৰ একোটা পৰিয়ালে মাহে পাঁচ হাজাৰৰ পৰা দহ হাজাৰ পৰ্যন্ত অতিৰিক্ত ব্যয় বহন কৰিবলৈ বাধ্য হৈছে ।
গুৱাহাটীৰ পানী যোগানৰ বাবে ২০০৯ চনতে আৰম্ভ কৰা চাৰিটা প্ৰকল্পৰ কাম প্ৰশাসনৰ দায়িত্বহীনতা, দুৰ্নীতি আদিৰ বাবে যোৱা চৈধ্যটা বছৰে অসমাপ্ত হৈ আছে । জালুকবাৰীৰ দক্ষিণ পশ্চিম প্ৰকল্পৰ কাম ৭২ শতাংশ কৰি ৯৬ শতাংশ কামৰ ধন আদায় কৰাৰ পিছত ঠিকাদাৰী প্ৰতিষ্ঠান গেমন ইণ্ডিয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ সলনি বাকীখিনি কামৰ পৰা অব্যাহতি দি ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ প্ৰতি ৰেহাই আগবঢ়োৱা হৈছে (Gammon India water supply project in Guwahati)।
দেখ দেখকৈ ইয়াৰ লগত বিয়াগোম দুৰ্নীতি জড়িত হৈ আছে । আন তিনিটা প্ৰকল্পৰ কামো বিশেষ আগবঢ়া নাই । তেওঁ কয় যে গুৱাহাটী পৌৰ নিগমে গুৱাহাটীবাসীৰ পৰা সম্পত্তি কৰৰ লগত পানীৰ নামত নিয়মীয়াকৈ কৰ আদায় কৰি আছে । খোৱাপানীৰ যোগানৰ দৰে মৌলিক অধিকাৰৰ বিষয়টোত ৰাজ্য চৰকাৰৰ লগতে গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ, জলবৰ্ড ইত্যাদি বিভাগে চূড়ান্ত নিৰ্লিপ্ততা, দায়িত্বজ্ঞানহীনতা প্ৰদৰ্শন কৰি আহিছে ।
প্ৰশাসনে পানী যোগান ধৰাত ব্যৰ্থ হোৱাৰ ফলত জনসাধাৰণে কুঁৱা, গভীৰ নলীনাদ আদিৰ জৰিয়তে নিজাববীয়াকৈ পানীৰ ব্যৱস্থা কৰিবলগীয়া হৈছে (Drinking water problem in Guwahati)। আশ্চর্যজনকভাৱে এনে অৱস্থাৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ভূ-জল অয়োগে ভূগর্ভস্থ পানী উত্তোলনকাৰীসকলৰ বাবে পঞ্জীয়ন বাধ্যতামূলক বুলি ৰাজহুৱা জাননী জাৰি কৰিছে । উক্ত জাননীত ১০ হাজাৰ টকা পঞ্জীয়ন মাচুল, ১ লাখ টকা জৰিমনা আৰু পানীৰ মিটাৰ বহুৱাই নিৰ্দিষ্ট হাৰত পানীৰ মাচুল আদায়ৰ নিৰ্দেশ জাৰি কৰা হৈছে ।