গুৱাহাটী, ২৪ জানুৱাৰীঃ গুৱাহাটীত চলিব একেলগে ৭০০ খন বিলাসী মাৰ্চিডিজ ৷ এই বিলাসী মাৰ্চিডিজক কেন্দ্ৰ কৰি এতিয়া গুৱাহাটীত সৃষ্টি হৈছে ব্যস্ততাপূৰ্ণ পৰিৱেশৰ ৷ আচলতে কিহৰ বাবে এই মাৰ্চিডিজ কেইখন একেলগে চলিবলৈ সাজু কৰা হৈছে তাক লৈ ৰাইজৰ মাজত এতিয়া ব্যাপক উৎসুকতাৰ সৃষ্টি হৈছে ৷
মহানগৰীৰ ৰাজপথত একেলগে 700 খন মাৰ্চিডিজ - ফিল্মফেয়াৰ এৱাৰ্ড
মাৰ্চিডিজক লৈ গুৱাহাটীত ব্যাপক চৰ্চা ৷ একেলগে 700খন মাৰ্চিডিজ চলা দেখা যাব গুৱাহাটী মহানগৰীত ৷ কিহৰ বাবে এই মাৰ্চিডিজৰ ব্যৱস্থা কৰা হৈছে চাওক এই প্ৰতিবেদন ৷
প্ৰকৃততে ফেব্ৰুৱাৰীৰ মধ্যভাগত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠানৰ বাবে ব্যৱহাৰ কৰিব এই মাৰ্চিডিজকেইখন ৷ এই অনুষ্ঠানলৈ আহিবলগীয়া বলীউডৰ তাৰকা কলা-কুশলীৰ বাবে এতিয়া গুৱাহাটীত হঠাতে দেখা গৈছে মাৰ্চিডিজক লৈ চৰ্চা ৷ এই ফিল্মফেয়াৰ অনুষ্ঠানৰ বাবে মুম্বাইৰ এক ইভেন্ট মেনেজমেন্ট গ্ৰুপক ইয়াৰ দায়িত্ব প্ৰদান কৰা হৈছে ৷ যিহেতু গুৱাহাটীত বা অসমত একেলগে ৭০০ খন মাৰ্চিডিজ পোৱাটো সম্ভৱ নহয় সেয়েহে কলকাতা, দিল্লী আৰু মুম্বাইৰ পৰা এই গাড়ীসমূহ সেই বিশেষ অনুষ্ঠানৰ বাবে গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰা হৈছে ইভেন্ট মেনেজমেণ্ট গ্ৰুপটোৰ দ্বাৰা ।