গুৱাহাটী, 29 জুন: সমগ্ৰ দেশৰ লগতে অসমতো কৰ'ণা ভাইৰাছে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। অসমত প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ তুলনাত উত্তৰ পূৱৰ মুখ্য প্ৰৱেশ দুৱাৰ গুৱাহাটীত কৰ'ণা ভাইৰাছৰ গণ সংক্ৰমণৰ ঘটনাও সংঘটিত হোৱা পৰিলক্ষিত হৈছে। মহানগৰীত কৰ'ণা ভাইৰাছে যাতে আৰু অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিব নোৱাৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।
১৪ দিনীয়া লক ডাউনক লৈ সষ্টম আৰক্ষী বাহিনী - ১৪ দিনীয়া লক্ ডাউনক লৈ সষ্টম আৰক্ষী বাহিনী
গুৱাহাটী মহানগৰীত দেওবাৰে নিশাৰ পৰা আৰম্ভ হৈছে ১৪ দিনীয়া লক ডাউন। লক ডাউনৰ নীতি-নিয়ম যাতে ভংগ নহয় ইয়াৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিছে মহানগৰ আৰক্ষী। সোমবাৰে পুৱাৰে পৰা মহানগৰীৰ ঠায়ে ঠায়ে সষ্টম হৈ পৰিছে আৰক্ষীৰ লোকসকল। নিয়ম ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে।
মহানগৰীত কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গুৱাহাটীত ১৪ দিনৰ বাবে লক ডাউন ঘোষণা কৰিছে । দেওবাৰে নিশাৰ ভাগৰ পৰা আৰম্ভ হোৱা এই ১৪ দিনীয়া লক ডাউনৰ সোমবাৰে প্ৰথমটো দিন ৷ সোমবাৰে পুৱাৰ পৰা লক্ ডাউনৰ নীতি-নিয়ম সুচাৰোৰূপে নিয়ন্ত্ৰণ কৰাত ব্যস্ত হৈ পৰিছে আৰক্ষী প্ৰশাসন । লক্ ডাউনৰ নীতি-নিয়ম নিয়ন্ত্ৰণ কৰাৰ বাবে ঠায়ে ঠায়ে নামি পৰিছে আৰক্ষীৰ লোকসকল ৷ মহানগৰীৰ ব্যস্ত গণেশগুৰি,উলুবাৰী,লালগণেশ, কাহিলীপাৰা সকলোতে দেখা গৈছে আৰক্ষীৰ তৎপৰতা। অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত ব্যক্তি আৰু বাহন সমূহৰ বাহিৰে আৰক্ষীয়ে কোনো লোককে ৰাজপথলৈ ওলাই আহিবলৈ অনমুতি প্ৰদান কৰা নাই ৷
লগতে পঢ়কঃদৰঙৰ ১২৬ খন গাঁও বানৰ কবলত
ইফালে, ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীত পূৰ্বৰ ২৪ মাৰ্চৰ লক্ ডাউনতকৈও এইবাৰৰ লক ডাউন অধিক কঠোৰ কৰিছে। চৰকাৰে এইবাৰ মহানগৰীত খাদ্য সমগ্ৰীৰ দোকান সমূহো সম্পূৰ্ণ ৰূপে বন্ধ ৰখাৰ কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে। চৰকাৰৰ নিৰ্দেশনা অনুসৰি মহানগৰীত সকলো খাদ্য সামগ্ৰীৰ দোকান সমূহো বন্ধ থকা পৰিলক্ষিত হৈছে ।