দক্ষিণ কামৰূপ,21 মেঃ 25 মে'ৰ পৰা দেশৰজুৰি আৰম্ভ হ'ব ঘৰুৱা বিমানসেৱা । বিমানসেৱা আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে । বিমানবন্দৰত উপস্থিত হোৱা যাত্ৰীসকলে মানিব লাগিব বিভিন্ন নিয়ম । কৰ'ণা সংক্ৰমণ ৰোধৰ বাবে বিমান বন্দৰত 1 মিটাৰ দূৰে দূৰে দিয়া হৈছে ঘূৰণীয়া চিহ্ন । এই চিহ্নত থিয় দিহে যাত্ৰী সকলে অহা-যোৱা কৰিব পাৰিব । সমান্তৰালকৈ বহা ঠাইসমূহতো দিয়া হৈছে বগা চিহ্ন । ইয়াৰ উপৰিও এক বিশেষ মেচিনযোগে বিমানবন্দৰত প্ৰৱেশ কৰা যাত্ৰীসমূহৰ দেহ ছেনিটাইজ কৰা হ'ব । যাত্ৰীসকলে টিকটৰ উপৰিও I-card সমূহ কেমেৰাৰ আগতহে সুৰক্ষা কৰ্মীসকলক দেখুৱাব লাগিব ।
বিমানসেৱা আৰম্ভ কৰাৰ বাবে বৰঝাৰ বিমান বন্দৰত প্ৰস্তুতি আৰম্ভ - বৰঝাৰ বিমান বন্দৰ
কৰ'ণা সংক্ৰমণ ৰোধৰ বাবে বৰঝাৰ বিমান বন্দৰত 1 মিটাৰ দূৰে দূৰে দিয়া হৈছে ঘূৰণীয়া চিহ্ন । এই চিহ্নত থিয় দিহে যাত্ৰী সকলে অহা-যোৱা কৰিব পাৰিব । সমান্তৰালকৈ বহা ঠাইসমূহতো দিয়া হৈছে বগা চিহ্ন ।
![বিমানসেৱা আৰম্ভ কৰাৰ বাবে বৰঝাৰ বিমান বন্দৰত প্ৰস্তুতি আৰম্ভ Guwahati LGBI airport ready to start operation](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7293758-thumbnail-3x2-g.jpg)
বিমানসেৱা আৰম্ভ কৰাৰ বাবে বৰঝাৰ বিমান বন্দৰত প্ৰস্তুতি আৰম্ভ
বিমানসেৱা আৰম্ভ কৰাৰ বাবে বৰঝাৰ বিমান বন্দৰত প্ৰস্তুতি আৰম্ভ
উল্লেখ্য যে, কোভিড 19ৰ বাবে যোৱা 24 মাৰ্চৰ পৰা বন্ধ হৈ আছিল দেশ সকলো বিমান বন্দৰ । 20 মে'ত অসামৰিক বিমান পৰিৱহন মন্ত্ৰী হৰদীপ সিং পুৰীয়ে ২৫মে'ৰ পৰা ঘৰুৱা বিমানসমূহৰ চলাচল আৰম্ভ হ'ব বুলি টুইটাৰযোগে ঘোষণা কৰে ।
লগতে পঢ়ক- দেৰগাঁৱৰ চিকাৰীঘাটত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল