অসম

assam

ETV Bharat / state

Lawyers union protest: CJM আদালতৰ অস্থায়ী স্থানান্তৰৰ বিৰুদ্ধে উকীল সন্থাৰ প্ৰতিবাদ - উকীল সন্থাৰ প্ৰতিবাদ

গুৱাহাটীৰ কাছাৰীত গুৱাহাটীৰ উকীল সন্থাৰ উত্তাল প্ৰতিবাদ (Lawyers union protest in Guwahati)৷ কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদ (CJM court in Guwahati) অস্থায়ীভাৱে স্থানান্তৰৰ সিদ্ধান্ত বাতিল কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে গুৱাহাটীৰ উকীল সন্থাই ৷

Lawyers union protest
Lawyers union protest

By

Published : Nov 2, 2022, 9:05 PM IST

গুৱাহাটী, 2 নৱেম্বৰ: কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদ অস্থায়ীভাৱে স্থানান্তৰৰ সিদ্ধান্ত বাতিল কৰাৰ দাবীত গুৱাহাটী উকীল সন্থাই মঙলবাৰে গুৱাহাটীৰ কাছাৰীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Lawyers union protest in Guwahati)। অধিবক্তাসকলে হাতে হাতে বেনাৰ, ফেষ্টুন লৈ বিভিন্ন ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে (CJM court in Guwahati)।

CJM আদালতৰ অস্থায়ী স্থানান্তৰৰ বিৰুদ্ধে উকীল সন্থাৰ প্ৰতিবাদ

কাৰ্যসূচীত অংশ লৈ উকীল সন্থাৰ সাধাৰণ সম্পাদক প্ৰবীন কুমাৰ কলিতাই কয়, তৰুণৰাম ফুকন, ফকৰুদ্দিন আলি আহমেদ, নবীন চন্দ্ৰ বৰদলৈ, গোপীনাথ বৰদলৈ, চাৰ চাদুল্লা আদিৰ দৰে মহান মনিষীসকলৰ সান্নিধ্য পোৱা আৰু ১৫৮৫ চনত স্থাপন হোৱা উকীল সন্থা, গুৱাহাটী সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ এক ঐতিহাসিক মহান অনুষ্ঠান । কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদত অৱস্থিত উকীল সন্থা, গুৱাহাটীৰ আছে এক সুকীয়া মৰ্যদা (CJM Court premises in Guwahati to be relocate)।

আইন আদালতৰ লগত প্ৰত্যক্ষভাৱে জড়িত সন্থাৰ প্ৰায় ৩০০০ অধিবক্তা সদস্যৰ আবেদনক নস্যাৎ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদ অস্থায়ীভাৱে চানমাৰীলৈ স্থানান্তৰ কৰিব বিচাৰি যোৱা ২০ অক্টোবৰত এখন পত্ৰ প্ৰকাশ কৰিছে । এই ক্ষেত্ৰত উকীল সন্থা, গুৱাহাটীয়ে বিৰোধিতা কৰি আজিৰ এই প্রতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে বুলি কলিতাই কয় (Lawyers union opposed decision to relocate CJM court premises)।

তেওঁ লগতে কয় যে, মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ (Kamrup metro CJM court) লগতে সকলোবোৰ নিম্ন আদালত গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত স্থাপন কৰাৰ বাবে কিছু বছৰ আগতে এক আঁচনি প্ৰস্তুত কৰা হৈছিল । এইক্ষেত্ৰত সন্থাই স্থিতি স্পষ্ট কৰি উচ্চ ন্যায়ালক জনোৱা হৈছিল যে, সন্থাৰ প্ৰায় ৩০০০ সদস্য/অধিবক্তাৰ লগতে সন্থাৰ লগত জড়িত দলিল বিক্রেতা, ডি.টি.পি. কেন্দ্র, ক্ষুদ্র ব্যৱসায়ীৰ লগতে তৰণী সকলক উপযুক্তভাৱে সকলো সা-সুবিধা প্ৰদান কৰি পশ্চিম বৰাগাঁৱত সকলোবোৰ নিম্ন আদালত স্থাপন কৰিলে সন্থাৰ কোনো আপত্তি নাথাকিব ।

কলিতাই আপত্তি দৰ্শাই কয় যে, অস্থায়ী স্থানান্তৰৰ ফলত ন্যায় ব্যৱস্থাত স্থৱিৰতা অহাৰ লগতে অধিবক্তা সকলৰ বৃত্তিগত অধিকাৰত আঘাত হ’ব । ন্যায় ব্যৱস্থা সম্পূৰ্ণৰূপে অচল হৈ পৰিব । সন্থাৰ তৰফৰ পৰা মুখ্যমন্ত্রীৰ লগতে যোৱা ২৫ আগষ্টত আৰু 2 ছেপ্টেম্বৰত দুখনকৈ আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু কমিটিৰ (Infrastructure committee) অধ্যক্ষক দিয়াৰ পিছতো আজিলৈ বিষয়টোক লৈ সন্থাৰ প্রতিনিধিক আলোচনাৰ বাবে কোনো যোগাযোগ নকৰাতো অতিকৈ দুখৰ বিষয় ।

চৰকাৰী সিদ্ধান্তৰ লগত আপোচ কৰি সন্থাৰ স্বার্থক কোনো গুৰুত্ব নিদিয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে একপক্ষীয়ভাৱে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত অস্থায়ীভাৱে স্থানান্তৰ কৰিব বিচৰা সিদ্ধান্তক সন্থাই তীব্রভাৱে বিৰোধিতা কৰিছে ৷ এনে অস্থায়ী স্থানান্তৰৰ সিদ্ধান্ত বাতিল নকৰিলে উকীল সন্থা, গুৱাহাটীয়ে ভৱিষ্যতে যিকোনো ধৰণৰ গণতান্ত্রিক আন্দোলনৰ পথ লবলৈ বাধ্য হ’ব বুলি তেওঁ সদৰী কৰে ।

লগতে পঢ়ক:Wine Shop Controversy: অবৈধ সুৰাৰ প্ৰচলন ৰোধৰ বাবেহে নতুন সুৰাৰ বিপণী: শুক্লবৈদ্য

ABOUT THE AUTHOR

...view details