গুৱহাটী,4 মাৰ্চঃঅসম বিধনাসভাৰ বাজেট অধিবেশনৰ আজি তৃতীয়টোদিন। সদনত অধিৱেশন আৰম্ভ হোৱাৰ লগে লগে লাষ্ট গেটত প্ৰতিবাদত বহিল চি আই টি ইউৰ নেতা-কর্মী সকল। বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনক লৈ সমগ্ৰ দেশ উত্তাল হৈ থকাৰ সময়তে চি আই টি ইউয়ে আইনখনৰ বিৰোধিতা কৰি লাষ্ট গেটত প্ৰতিবাদ সাব্যস্ত কৰে। অসম চৰকাৰে বিধানসভাত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণ কৰাৰ প্ৰধান দাবীলৈ প্ৰতিবাদ সাব্যস্ত কৰা চি আই টি ইউৰ অন্যান্য দাবী সমূহ হ'ল অসমত শ্ৰমিকৰ ন্যূনতম মজুৰি প্ৰতিদিনে ৭০০ টকা ধার্য কৰা,ৰাজহুৱা খণ্ডৰ উদ্যোগ সমূহৰ নিলাম বন্ধ কৰা । প্ৰতিবাদকাৰী সকলে অসমত বন্ধ হৈ থকা কাছাৰ আৰু নগাঁও কাগজ কল পুনৰ কাৰ্যক্ষম কৰি তোলাৰ দাবীও উত্থাপন কৰে । কাগজ কল দুটাত কৰ্মৰত শ্ৰমিক সকলৰ দৰমহা অতি শীঘ্ৰে মুকলি কৰি দিয়াৰ লগতে চৰকাৰে কৰ্মচাৰী সকলক তেওঁলোকৰ আবাসগৃহ খালি কৰিবলৈ প্ৰেৰণ কৰা জাননীক তীব্ৰ ভাষাৰে গৰিহণা দিয়া প্ৰতিবাদকাৰী সকলে।
বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলা চি আই টি ইউৰ কর্মী সকলে ৰাজ্যৰ বিজেপি চৰকাৰখনক শ্ৰমিক বিৰোধী চৰকাৰ আখ্যা দি চৰকাৰখনক তীব্ৰ সমালোচনা কৰে। প্ৰতিবাদকাৰী সকলে তেওঁলোকৰ দাবী সমূহ অতি শীঘ্ৰে সমাধান কৰিবলৈ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে।
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে লাষ্ট গেটত চি আই টি ইউৰ প্ৰতিবাদ - GUWAHATI LAST GATE CITU PROTEST ASSAM ETV BHARAT NEWS
অসম বিধানসভাত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণ কৰাৰ দাবীত লাষ্ট গেটত চি আই টি ইউৰ বিশাল প্ৰতিবাদ। শতাধিক চি আই টি ইউ কৰ্মীয়ে উত্তাল কৰিলে লাষ্ট গেট।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে লাষ্ট গেটত চি আই টি ইউৰ প্ৰতিবাদ
TAGGED:
চি আই টি ইউ citu