গুৱাহাটী, 12 জুলাই : মহানগৰীত বাৰিষা কালত হোৱা দুটা সমস্যা হৈছে কৃত্ৰিম বান আৰু ভূমিস্খলন । কৃত্ৰিম বানৰ সমস্যাৰ সমান্তৰালকৈ গুৱাহাটীৰ বহু ঠাইত এতিয়া সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা । কেৱল ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাই নহয় ভূমিস্খলনৰ ফলত মৃত্যু মুখত পৰিছে লোক। কিন্তু কিয় সংঘটিত হৈছে ভূমিস্খলনৰ দৰে ঘটনা? কি পদক্ষেপ লৈছে প্ৰশাসনে? বৰ্তমান মহানগৰীৰ কোন কোন ঠাইত ভূমিস্খলন হোৱাৰ সম্ভাৱনা আছে? এই বিষয়ে জনালে অতিৰিক্ত জিলা উপায়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে ৷
মহানগৰীৰৰ 7 স্থানত ভূমিস্খলনৰ সম্ভাৱনা
মহানগৰীৰ 7টা স্থানত সংঘটিত হ’ব পাৰে যিকোনো সময়ত ভূমিস্খলন । ভূমিস্খলনৰ দৰে সমস্যাৰ সমাধান কৰিবলৈ লোৱা হৈছে বহু পদক্ষেপ ৷ এই বিষয়ে জনালে অতিৰিক্ত জিলা উপায়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে ৷
মহানগৰীৰ 7 খন ঠাই ভূমিস্খলন সম্ভাব্য স্থান হিচাপে নিৰূপণ কৰা হৈছে । মহানগৰীৰ নুনমাটি, খাৰঘুলি, চুনচালি, ফটাশিল, হেঙেৰাবাৰী , যোৰাবাটত সংঘটিত হ’ব পাৰে যিকোনো সময়ত ভূমিস্খলন । চৰকাৰৰ বাৰম্বাৰ সকিয়নীৰ পিছতো মহানগৰবাসীয়ে মাটি খনন কাৰ্য চলাই আহিছে যাৰ ফলত সংঘটিত হৈছে মানৱ সৃষ্ট ভূমিস্খলনৰ লগতে প্ৰাকৃতিকভাবে হোৱা ভূমিস্খলনো । এই মন্তব্য অতিৰিক্ত উপায়ুক্তগৰাকীৰ ৷ তেওঁ জানিবলৈ দিয়া অনুসৰি কৃত্ৰিম বানৰ সমস্যাৰ বাবে ইতিমধ্যেই গুৱাহাটী পৌৰ নিগমৰ লগ হৈ জিলা প্ৰশাসনে গুৱাহাটীৰ নলা নৰ্দমা চাফ চিকুন কৰা কাৰ্য চলাই আছে । কৃত্ৰিম বানৰ সমান্তৰালকৈ ভূমিস্খলনৰ দৰে সমস্যাৰ সমাধান কৰিবলৈ লৈছে বহু পদক্ষেপ ৷ উল্লেখ্য যে, এক মে’ৰ পৰাই পাহাৰ খনন কাৰ্য বন্ধ কৰা হৈছিল যদিও প্ৰশাসনৰ চকুৰ আগতেই পাহাৰ খনন চলি থকাৰ অভিযোগ ৷ এইক্ষেত্ৰত আগন্তুক সময়ত প্ৰশাসনে কি পদক্ষেপ ল’ব সেইটো সময়েহে ক’ব ৷