গুৱাহাটী, 5 ডিচেম্বৰঃ কোনো কাৰণত নাগৰিকত্ব সংশোধনী বিধেয়ক মানি লোৱা নহ'ব ৷ বৃহস্পতিবাৰে পুৱাৰ পৰা দিছপুৰ লাষ্ট গেটত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেব বিৰোধী আন্দোলন। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেইবা শতাধিক কৰ্মীয়ে চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰিলে পৰিৱেশ। কোনো কাৰণতে অবৈধ নাগৰিকৰ বোজা গ্ৰহণ নকৰে অসমে । মোদী চৰকাৰৰ কেবিনেটত নাগৰিকত্ব সংশোধনী বিধেয়ক অনুমোদন লাভ কৰাৰ পিছত এই বিধেয়কখন অহা৯ ডিচেম্বৰত লোকসভাত আৰু১০ ডিচেম্বৰত ৰাজ্যসভাত উত্থাপন কৰিব কেন্দ্ৰ চৰকাৰে। কেবিনেট নাগৰিকত্ব সংশোধনী বিধেয়ক অনুমোদন লাভ কৰাৰ পিছৰে পৰা ৰাজ্যত অধিক ভয়াৱহ ৰূপ লৈছে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনে। বিভিন্ন দল-সংগঠনৰ লগতে অখিল গগৈৰ নেতৃত্বত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজপথ কঁপাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।
বৃহস্পতিবাৰে বিধানসভাৰ শীতকালীন অধিবেশন চলি থকাৰ মাজতে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে লাষ্ট গেটত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে প্ৰতিবাদস্থলীৰ পৰা ৰাজ্যৰ সকলো দল-সংগঠনক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে একগোট হৈ প্ৰতিবাদ কৰিবলৈ আহ্বান জনায়। অখিলে বিজেপি চৰকাৰক নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবী জনাই কয় যদি এই বিতৰ্কিত বিলখন বিজেপিয়ে গৃহীত কৰে তেন্তে পৰিস্থিতি অধিক ভয়াৱহ হ'ব। নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভা আৰু ৰাজ্যসভাত যদি গৃহীত হয় তেন্তে কৃষক মুক্তি সংগ্ৰাম সমিতি ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব বুলি মন্তব্য কৰে ৷