গুৱাহাটী,22 ছেপ্তেম্বৰঃ ২৪ ছেপ্তেম্বৰৰ পৰা ভক্তৰ বাবে খোলা নহয় মা কামাখ্যা ধামৰ দুৱাৰ । এতিয়াও থিৰাং হোৱা নাই মা কামাখ্যা ধাম মুকলিৰ দিন। এই সন্দৰ্ভত মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে কেতবোৰ কথা স্পষ্ট কৰি দিয়ে । সোমবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে মন্দিৰ খোলাৰ ক্ষেত্ৰত কিছু গাইডলাইন প্ৰস্তুত কৰি দিছিল । লগতে আগন্তুক ২৪ ছেপ্তেম্বৰৰ পৰা ভক্তৰ বাবে মন্দিৰ চৌহদ খোলাৰ অনুমতি প্ৰদান কৰিছিল প্ৰশাসনে । অৱশ্যে মন্দিৰ খোলাৰ ক্ষেত্ৰত বৰ্তমানলৈ কোনো সিদ্ধান্ত কৰ্তৃপক্ষই লোৱা নাই বুলি সংবাদমেলত পৰিচালনা সমিতিয়ে উল্লেখ কৰে ।
কিয়নো মন্দিৰত প্ৰথমে ক'ভিডৰ বাবে বিশেষ আন্তঃগাঠনি প্ৰস্তুত কৰিব লাগিব । বুধবাৰৰ পৰা আৰম্ভ হ'ব মন্দিৰৰ আন্তঃগাঠনি নিৰ্মাণৰ কাম । সম্ভৱতঃ আগন্তুক ১০ৰ পৰা ১৫ দিনৰ পাছত মুকলি কৰিব পৰা যাব মন্দিৰ চৌহদৰ দুৱাৰ । কিন্তু মন্দিৰ মুকলি হ'লেও ভক্তই দৰ্শন কৰিব নোৱাৰিব মাৰ মূল মন্দিৰ । কেৱল মন্দিৰৰ চৌহদত প্ৰৱেশ কৰি পৰিক্ৰমা কৰিব পাৰিব ভক্তই । যাৰ ফলত মন্দিৰত দৈনিক ৫০০ ভক্তই প্ৰৱেশ কৰিব পাৰিব বুলি মন্দিৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে ।