অসম

assam

গুৱাহাটী মহানগৰীস্থিত যোৰ পুখুৰীলৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰ্যটন ক্ষেত্ৰৰ স্বীকৃতি

মহানগৰীৰ ঐতিহ্যসিক যোৰ পুখুৰীলৈ ভাৰতবৰ্ষৰ আগশাৰীৰ পৰ্যটন ক্ষেত্ৰৰ স্বীকৃতি

By

Published : Jul 14, 2019, 3:13 AM IST

Published : Jul 14, 2019, 3:13 AM IST

গুৱাহাটী মহানগৰীস্থিত যোৰ পুখুৰীলৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰ্যটন ক্ষেত্ৰৰ স্বীকৃতি

গুৱাহাটী,13 জুলাই: ভাৰত বৰ্ষৰ আগশাৰী পৰ্য্যটন ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছে মহানগৰীৰ ঐতিহ্যসিক যোৰ পুখুৰীয়ে৷ বহুদিনৰ পৰা পৰিত্যক্ত হৈ পৰি থকা উগ্ৰতাৰা দেৱালয় সমীপৰ যোৰ পুখুৰীৰ এটা পুখুৰীৰ সংৰক্ষণৰ বাবে আগবাঢ়ি আহিছে ভাৰত চৰকাৰ লগতে জিলা প্ৰশাসনৰ লগতে ইণ্ডিয়ান অইল কৰ্পৰেচন৷ দুষ্পাপ্য কাছ সংৰক্ষণ কৰাৰ উদ্দেশ্য আগত ৰাখি ঐতিহ্যমণ্ডিত যোৰ পুখুৰীক এক অন্য ৰূপ দিয়াৰ চেষ্টা এতিয়া সকলোৰে৷ কাছ সংৰক্ষণ কৰাৰ সমান্তৰালকৈ পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ ন ন আঁচনি লৈ শনিবাৰে পুখুৰীটোত আনুষ্ঠানিক ভাৱে মুকলি কৰে দুষ্পাপ্য কাছৰ লগতে হাঁহ৷ এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ইণ্ডিয়ান অইল কৰ্পৰেচনৰ অধ্যক্ষ সঞ্জীৱ সিঙৰ লগতে অন্যান্য গণ্য মান্য ব্যক্তি।

গুৱাহাটী মহানগৰীস্থিত যোৰ পুখুৰীলৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰ্যটন ক্ষেত্ৰৰ স্বীকৃতি

৷ উল্লেখ্য যে বছৰি 5000 কাছ উৎপাদনৰ ক্ষেত্ৰলৈ পৰিণত হ'ব যোৰ পুখুৰী৷ যোৰ পুখুৰীৰ ঐতিহ্যৰ লগতে সংৰক্ষিত হ'ব বিলুপ্তপ্ৰায় কাছ৷ এই কাছ সমূহক অসমৰ বিভিন্ন ৰাষ্ট্ৰীয় উদ্যানৰ লগতে নদী,বিল সমূহত পৰ্য্যাপ্ত পৰ্য্যায়ত মুকলি কৰিব পৰা হব৷ বিলুপ্তপ্ৰায় কাছ উৎপাদনৰ সমান্তৰালকৈ পৰ্যটনৰ ক্ষেত্ৰৰ ৰূপ দিবলৈ ভাৰত চৰকাৰৰ অধীনত অতি শীঘ্ৰেই কাম আৰম্ভ হ'ব AMRUT মিছনৰ৷ উগ্ৰতাৰা দেৱালয়ৰ কমিটিৰ তৎপৰতাত প্ৰাণ পোৱা এই আঁচনিক লৈ স্বাভাৱিকতে আনন্দিত দেৱালয়ৰ কমিটিৰ সাধাৰণ সম্পাদক কৈলাশ শৰ্মা৷


উগ্ৰতাৰা মন্দিৰৰ অধীনত থকা পুখুৰীৰ কাছ সমূহক বন্য প্ৰাণী আৰু সুৰক্ষাৰ হকে কাম কৰা সংস্থা হেল্প আৰ্থৰ সহযোগত বিলুপ্ত প্ৰায় কাছৰ বংশবৃদ্ধিৰ হকে কাম কৰি আহিছিল উগ্ৰতাৰা মন্দিৰ কৰ্তৃপক্ষই৷ এইক্ষেত্ৰত ভাৰত চৰকাৰ সহযোগত উগ্ৰতাৰা মন্দিৰ কৰ্তৃপক্ষৰ লগতে ইণ্ডিয়ান অইল কৰ্পৰেচনৰ সহযোগত হৈ উঠা এই কাৰ্যক প্ৰশংসা জনাইছে IOC ৰ উপ মহা প্ৰবন্ধক জৰ্জ ঈশাহাৰিয়ে৷ এতিয়া যোৰ পুখুৰীৰ সৌন্দৰ্য্যৰ বাবে কাম কৰাৰ পৰিকল্পনা AMRIT মিছনৰ পৰিকল্পনাৰ ভিত্তিত যোৰ পুখুৰীৰ সৌন্দৰ্য অধিক হ'লে তেন্তে অসমৰ পৰ্যটন ক্ষেত্ৰই পাব আন এক মৰ্য্যদা৷

ABOUT THE AUTHOR

...view details