গুৱাহাটী, 27 ছেপ্টেম্বৰ : নাগৰিকপঞ্জীত বাদ পৰা নাগৰিক সকলক সহায়ৰ প্ৰতিশ্ৰুতি আই ইউ এম এলৰ ৷ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সন্দৰ্ভত ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগে চমুকৈ আই ইউ এম এলে বৃহস্পতিবাৰে এখন সংবাদমেলৰ সম্বোধন কৰে ৷ সংবাদমেলত উল্লেখ কৰে যে সদ্য প্ৰকাশিত যিসকল মুছলিম লোকৰ নাম এন আৰ চিৰ চূড়ান্ত তালিকাত প্ৰকাশ পোৱা নাই সেইসকল লোকক আইনী সহায়ৰ বাবে সংগঠনটোৱে সহায় কৰিব ৷
শাসিত চৰকাৰ গো ৰক্ষকৰ নহয়, ৰাক্ষসৰ হে ! সংবাদমেলত উপস্থিত থকা সংগঠনটোৰ ৰাষ্ট্ৰীয় অধ্যক্ষ কে এম কেদাৰ মুহিদ্দিনে এই সন্দৰ্ভত কয় যে এই বিষয়ে তেওঁলোকে আগন্তুক সংসদীয় সভাতো উত্থাপন কৰিব। লগতে ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ দেশ। যদিহে এই ধৰ্ম নিৰপেক্ষ দেশখনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অনা হয় তেনেহ'লে ই অসংবিধানিক হ'ব। আৰু মুছলমান সম্প্ৰদায়ৰ লোকখিনিৰ ওপৰৰ ইয়াৰ যথেষ্ট প্ৰভাৱ পৰিব বুলি মন্তব্য কৰে সংগঠনটোৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে ৷ ইয়াৰ উপৰি তেওঁ শাসকীয় দলক কটাক্ষ কৰি কয় যে দেশত গো ৰক্ষক,গণ প্ৰহাৰৰ নামত বৰ্তমানলৈ ২৭২ জনকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। এই চৰকাৰখনে গো ৰক্ষক নহয়,বৰঞ্চ ৰাক্ষসৰ হে কাম কৰিছে। সাধাৰণ জনতাক গো-ৰক্ষাৰ অপৰাধত হত্যা কৰা হৈছে । গুৱাহাটীত আয়োজিত এই সংবাদমেলখনত উপস্থিত থাকে ৰাষ্ট্ৰীয় মহাসচিব তথা সংসদ ই টি মহম্মদ বাছিৰ,ৰাষ্ট্ৰীয় কোষাধ্য়ক্ষ তথা সংসদ পি বি আব্দুল বাহিব,ৰাষ্ট্ৰীয় সচিব খুৰ্ম উমেৰ,কেৰালাৰ বিধায়ক ডঃ এম কে মুনিৰ তথা বিধায়ক কে এম সাজি,এম বাই এলৰ মহাসচিব চি কে জুৱেৰ,এম এছ এফৰ অধ্যক্ষ টি বি আশ্রফ আলি ।