গুৱাহাটী,১ মাৰ্চঃসমগ্ৰ ভাৰতবৰ্ষৰ লগতে গুৱাহাটীবাসীও সাজু হৈছে অভিনন্দনক অভিনন্দন জনাবলৈ । মহানগৰীৰ ফাঁচী বজাৰৰ বাসিন্দা সকলে শুকুৰবাৰে বিয়লি অভিনন্দন ভাৰতলৈ ঘূৰি অহাৰ লগে লগে ফটকা ফুটাই আৰু ৰাইজৰ মাজত মিঠাই বিলাই বিজয় উৎসৱ পালন কৰিব।
অভিনন্দনক আদৰিবলৈ সাজু গুৱাহাটীবাসী - wagah
হাতে হাতে পতাকা লৈ ফাঁচীবজাৰৰ ৰাজপথত ওলাই আহিল ৰাইজ
স্বদেশলৈ বীৰদৰ্পে উভতিভ অভিনন্দন !!
উল্লেখ্য যে ভাৰতৰ MiG- 21 যুদ্ধ বিমানেৰে পাকিস্তানৰ অত্যাধুনিক F-16 যুদ্ধ বিমানৰ সৈতে মোকাবিলা কৰি পাকিস্তানী সৈন্যৰ হাতত ধৰা পৰিছিল উইং কামাণ্ডাৰগৰাকী । পাকিস্তানী F-16 ৰ সৈতে হোৱা "Aerial Dogfight"ত পাকিস্তানৰ ভূমিত ভূ-পতিত হৈছিল উইং কামাণ্ডাৰ অভিনন্দন বৰ্থমান ।
সম্পূৰ্ণ দুটা দিন পাকিস্তানত যুদ্ধবন্দী হিচাপে থকাৰ পাচত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে বৃহস্পতিবাৰে ঘোষণা কৰে অভিনন্দনৰ মুক্তিৰ কথা ।