গুৱাহাটী, 31 অক্টোবৰঃ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ । গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পোলেণ্ডৰ ছবি নিৰ্মাতা ক্ৰিষ্টোফি জানুচি ৷ মমবাটি প্ৰজ্বলনেৰে মহোৎসৱ উদ্ধোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে মন্ত্ৰী নৱ কুমাৰ দলে, অভিনেতা আদিল হুছেইন, ছবি পৰিচালক মধুৰ ভাণ্ডাৰকাৰকে আদি কৰি বহুকেইজন ।
অসমৰ ভোৰতাল নৃত্যৰে আৰম্ভনি কৰা হয় তৃতীয় বাৰ্ষিক গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ । মহোৎসৱত উপস্থিত থকা সকলোকে আদৰণি জনায় পবিত্ৰ মাৰ্ঘেৰিটাই । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হোৱাটো অসমীয়া ছবি জগতৰ বাবে এক শুভ লক্ষণ বুলি জানিবলৈ দিয়ে । অসমৰ মনোমোহা পৰিবেশে ছবি নিৰ্মাতা সকলক আকৃষ্ট কৰিব বুলি কোৱাৰ লগতে অসমৰ সুপ্ত প্ৰতিভাই এখন আন্তঃৰাষ্ট্ৰীয় মঞ্চ পাবলৈ সক্ষম হ'ব বুলি মত পোষণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।