অসম

assam

By

Published : Feb 15, 2020, 3:35 AM IST

ETV Bharat / state

"কা" বিৰোধী আন্দোলনক সমগ্ৰ ভাৰতবৰ্ষত একত্ৰিত কৰাৰ উদ্দেশ্যেৰে অসমলৈ আহিছো :যোগেন্দ্ৰ যাদৱ

গুৱাহাটী প্ৰেছ ক্লাৱত সুস্থ সমাজ বিকাশ চক্ৰৰ উদ্যোগত আলোচনা সভাৰ আয়োজন ৷ আলোচনা সভাত উপস্থিত থাকে মুখ্য বক্তা হিচাপে বিখ্যাত সমাজ সেৱক যোগেন্দ্ৰ যাদৱ লগতে উপস্থিত থাকে বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেণ গোহাঁই, জ্যেষ্ঠ অধিবক্তা অভিক সাহ, মাইনী মহন্ত কে ধৰি বহু কেইজন ব্যক্তি ।

Guwahati Hustha Hamaj Bikash Chakra organised discussed meeting about CAA
গুৱাহাটী প্ৰেছ ক্লাৱত সুস্থ সমাজ বিকাশ চক্ৰৰ উদ্যোগত আলোচনা সভাৰ আয়োজন

গুৱাহাটী,15 ফেব্ৰুৱাৰী: গুৱাহাটী প্ৰেছ ক্লাৱত সুস্থ সমাজ বিকাশ চক্ৰৰ উদ্যোগত শুকুৰবাৰে আয়োজন কৰা হয় এক আলোচনা সভা । এই আলোচনা সভাত উপস্থিত থাকে মুখ্য বক্তা হিচাপে বিখ্যাত সমাজ সেৱক যোগেন্দ্ৰ যাদৱ । অসম আৰু সৰ্বভাৰতীয় কা বিৰোধী আন্দোলনৰ গতিপথৰ ওপৰত হোৱা এই আলোচনাৰ পূৰ্বে যোগেন্দ্ৰ যাদবে কাৰাগাৰত লগ কৰে কৃষক নেতা অখিল গগৈক । এই অনুষ্ঠানত লগতে উপস্থিত থাকে বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেণ গোহাঁই, জ্যেষ্ঠ অধিবক্তা অভিক সাহ, মাইনী মহন্ত কে ধৰি বহু কেইজন ব্যক্তি ।

লগতে পঢ়ক:পঞ্চম দিনাও অনশন অব্যাহত অসম বিশ্ববিদ্যালয়ত

এই অনুষ্ঠানত বিভিন্ন লোকৰ সৈতে হোৱা আলোচনাৰ অন্তত যোগেন্দ্ৰ যাদৱে নিজৰ মত ব্যক্ত কৰি কয় যে, কা বিৰোধী আন্দোলনক সমগ্ৰ ভাৰতবৰ্ষত এক লগ কৰাৰ উদ্দেশ্যেৰে অসমলৈ আহিছে তেওঁ । তেখেতে সৰ্ব প্ৰথম উত্তৰ পূৰ্বাঞ্চলৰ বিশেষ কৈ অসমৰ প্ৰতিজন লোকক কা বিৰোধী আন্দোলনত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে । তেওঁ লগতে কয় যে অসমৰ লগতে সমগ্ৰ দেশ একেলগ হৈ এই আইনৰ বিৰোধ কৰিব লাগে । লগতে কেৱল চহৰতে নহয় গাঁৱে গাঁৱে ভিতৰুৱা অঞ্চলত কা বিৰোধী আন্দোলন গঢ়ি তুলিব লাগিব সচেতন ৰাইজে । লগতে যোগেন্দ্ৰ যাদৱে ডাঙৰীয়াই কয় 1990 চন তেই NRC হব লাগিছিল সমগ্ৰ অসমত কিন্তু দুৰ্ভাগ্যবশত নহ'ল যাৰ বাবে এতিয়া দুৰ্ভোগত ভুগিছে অসমৰ জনতা । লগতে ভাৰত বৰ্ষৰ অন্য ৰাজ্য সমূহত NRC হবলৈ লোৱা কাৰ্যক সমৰ্থন কৰা নাই তেওঁ ।

গুৱাহাটী প্ৰেছ ক্লাৱত সুস্থ সমাজ বিকাশ চক্ৰৰ উদ্যোগত আলোচনা সভাৰ আয়োজন

আনহাতে 14 তাৰিখে পুৱাৰ ভাগত অখিল গগৈক সাক্ষাৎ কৰে যোগেন্দ্ৰ যাদৱে । অখিল গগৈক সাক্ষাৎ কৰাৰ পিছত যোগেন্দ্ৰ যাদৱে জানিবলৈ দিয়া অনুসৰি অখিল গগৈয়ে কা বিৰোধী আন্দোলনত অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষক একত্ৰিত হবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক:‘2021ৰ নিৰ্বাচনত কংগ্ৰেছৰ টাৰ্গেট মিছন 80’-ৰিপুণ বৰা

ABOUT THE AUTHOR

...view details