গুৱাহাটী,11 ফেব্ৰুৱাৰী : আদালত অৱমাননাৰ এক গোচৰত ৰাজ্যৰ বন, ভূতত্ব আৰু খনি বিভাগৰ লগতে মুখ্য সচিবলৈ এক জাননী জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ উল্লেখ্য যে, ৰাজ্যত অবৈধ শিল-বালি খনন সন্দৰ্ভত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই ৰুজু কৰা এক গোচৰত উচ্চ ন্যায়ালয়ে পূৰ্বতে দিয়া ৰায় অমান্য কৰাৰ অভিযোগত অভিযুক্ত হৈছে ৰাজ্য চৰকাৰ ।
ইয়াৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ে সংশ্লিষ্ট পক্ষলৈ জাৰি কৰিছে এক জাননী ৷ দেৱব্ৰত শইকীয়াই পূৰ্বতে অবৈধ শিল-বালি খনন সন্দৰ্ভত ৰুজু কৰা গোচৰটোৰ ৰায়দান দি আদালতে 2020 চনৰ জানুৱাৰী মাহৰ ভিতৰত ৰাজ্য চৰকাৰক বন আৰু খনিজ সম্পদৰ অবৈধ খনন ৰোধিবলৈ এটা টাস্ক ফ’ৰ্চ গঠনৰ নিৰ্দেশ দিছিল ৷