অসম

assam

ETV Bharat / state

তিনিবছৰলৈ বাহাল থাকিব অগপৰ নৱগঠিত সমিতিৰ কাৰ্যকাল - গুৱাহাটী উচ্চ ন্যায়ালয়

যোৱা বছৰৰ ২৬, ২৭ আগষ্টত কেন্দ্ৰীয় সাধাৰণ সভাখন অবৈধ বুলি যি গোচৰ তৰা হৈছিল ৷ এই গোচৰ শুনানীৰ অন্তত ন্যায়ালয়ে খাৰিজ কৰে । অতুল বৰা নেতৃত্বাধীন কেন্দ্ৰীয় সমিতিখনে দলীয় সংবিধান অনুসৰি ৩ বছৰলৈ কাৰ্যকাল চলাই নিব পাৰিব বুলি আদালতে ৰায়দান কৰে ৷

AGP high Court case press conference
AGP high Court case press conference

By

Published : Jan 20, 2021, 9:00 PM IST

গুৱাহাটী, ২০ জানুৱাৰী : অসম গণ পৰিষদ দলৰ বৰ্তমানৰ কেন্দ্ৰীয় সমিতিখনৰ বৈধতাক প্ৰশ্ন তুলি গুৱাহাটী উচ্চ ন্যায়ালয়ত উত্থাপিত গোচৰ শুনানীৰ অন্তত ন্যায়ালয়ে খাৰিজ কৰে। ন্যায়ালয়ৰ এই ৰায়দানৰ পাচত বৰ্তমানৰ অতুল বৰা নেতৃত্বাধীন কেন্দ্ৰীয় সমিতিখনে দলীয় সংবিধান অনুসৰি ৩ বছৰলৈ কাৰ্যকাল চলাই নিব পাৰিব বুলি আদালতে ৰায়দান কৰে ৷

উল্লেখ্য যে, যোৱা বছৰৰ ২৬, ২৭ আগষ্টত কেন্দ্ৰীয় সাধাৰণ সভাখন অবৈধ বুলি যি গোচৰ তৰা হৈছিল এই গোচৰ সন্দৰ্ভত অসম গণ পৰিষদ দলৰ হৈ উচ্চ ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰে জ্যেষ্ঠ অধিবক্তা বিজন মহাজন, গৌতম চৌধুৰী আৰু নুৰচাদ আলমে । বুধবাৰে অগপৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত দলৰ সাধাৰণ সম্পাদক ড° কমলা কলিতাই এই কথা প্ৰকাশ কৰে ।

সাধাৰণ সম্পাদক কলিতাৰ লগতে সংবাদমেলত উপস্থিত থাকে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, মনোজ শইকীয়া, উপ-সভাপতি দিলীপ পাটগিৰি, সুনীল ডেকা, তথ্য-প্ৰচাৰ সম্পাদক ড০ তপন দাসসহ অধিবক্তা বিজন মহাজন আৰু আন আন অধিবক্তাসকল ।

লগতে পঢ়ক :অপহৃত অইল কৰ্মচাৰীৰ সোণোৱাল, নিতিশ কুমাৰলৈ আহ্বান

ABOUT THE AUTHOR

...view details