গুৱাহাটী, 23 এপ্ৰিল : মহামাৰী কৰ'ণাৰ আতংকৰ মাজতো প্ৰতিদিনে সামাজিক দায়বদ্ধতাৰে ৰাইজৰ সেৱাত বৰ্তি আছে সাংবাদিকসকল। সাংবাদিক সকলৰ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি গুৱাহাটী মহানগৰীৰ আগশাৰীৰ ব্যক্তিগত চিকিৎসালয় হায়াত হাস্পতালে বৃহস্পতিবাৰে সাংবাদিক সকলৰ মাজত কিছু সামগ্ৰী বিতৰণ কৰে।
গুৱাহাটী প্ৰেছ ক্লাৱত হাস্পতাল কৰ্তৃপক্ষই প্ৰায় ২০০ জন সাংবাদিকৰ মাজত বিতৰণ কৰে ছেনিটাইজাৰ আৰু মাক্স । হাস্পতালখনৰ ফালৰ পৰা সামগ্ৰীসমূহ বিতৰণ কৰে কাৰ্যবাহী সঞ্চালক অয়স্কান্ত চক্ৰৱৰ্তী আৰুমহাপ্ৰৱন্ধক পৰাগজ্যোতি দত্তই । এই সামগ্ৰীসমূহ বিতৰণ কৰাৰ উপৰিও সাংবাদিকসকলক সুৰক্ষিত হৈ থকাৰ ক্ষেত্ৰত কিছু পৰামৰ্শ আগবঢ়ায় ।