গুৱাহাটী,18 জানুৱাৰী : এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোঁকাৰি গৈছে মহানগৰী গুৱাহাটীৰ হাতীগাঁও ৷ এসাঁজ ভাতৰ কাৰণেই স্বামীয়ে হত্যা কৰিলে পত্নীক ৷ হত্যাকাণ্ড সংঘটিত কৰি মৃত পত্নীক বস্তাত বান্ধি বিচনাৰ তলত লুকুৱাই থৈ পলায়ন কৰে অভিযুক্ত স্বামীয়ে ৷
পত্নীক হত্যা কৰি বস্তাত ভৰাই লুকুৱাই থৈ পলায়ন স্বামীৰ - হাতীগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড
মহানগৰীৰ হাতীগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ এসাঁজ ভাতৰ কাৰণেই স্বামীয়ে হত্যা কৰিলে পত্নীক ৷
![পত্নীক হত্যা কৰি বস্তাত ভৰাই লুকুৱাই থৈ পলায়ন স্বামীৰ As-ghy-hatigaon-murder-img-as10003](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10284705-thumbnail-3x2-g.jpg)
মৃত পত্নীক বস্তাত ভৰাই থৈ পলায়ন হত্যাকাৰী স্বামীৰ
হাতীগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড
উল্লেখ্য যে, হাতীগাঁৱৰ লক্ষ্মীনাথ বেজবৰুৱা পথৰ ৪নং উপপথত ময়নুল হক নামৰ লোকজনৰ বিৰুদ্ধে পত্নীক হত্যা কৰাৰ অভিযোগ উঠিছে ৷ আব্দুল ৰুফ নামৰ এজন ব্যক্তিৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল পৰিয়ালটো ৷ হত্যাকাণ্ড সংঘটিত কৰি পলায়ন কৰে ময়নুল হকে ৷ ইতিমধ্যে ময়নুল হকক বিচাৰি হাতীগাঁও আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান ৷
লগতে পঢ়ক-কলগাছিয়াত ম'ৰেল পুলিচৰ ঘটনাঃ বিধৱা মহিলাক ৰছীৰে বান্ধি মাৰপিট
Last Updated : Jan 18, 2021, 4:04 PM IST