গুৱাহাটী, ২৫ অক্টোবৰ :নিৱনুৱা যুৱক-যুৱতীক কৰ্মসংস্থাপনেৰে আত্মনিৰ্ভৰশীল কৰাৰ লগতে অসমীয়াৰ স্বাভিমানৰ থলুৱা গামোচাৰে বজাৰ দখল কৰাৰ লক্ষ্য কৰিছে মহানগৰীৰ এগৰাকী থলুৱা লোকে । সেই লোকজন হ'ল লখৰাৰ অৱসৰপ্ৰাপ্ত শিক্ষক অনংগ কুমাৰ নাথ । মহানগৰীৰ লখৰাৰ স্থানীয় বাসিন্দা অনংগ কুমাৰ নাথে নিজ ঘৰতে ইলাৰাণী বোৱা কটা আৰু প্ৰশিক্ষণ কেন্দ্ৰ ২০২০ চনৰ ৩ আগষ্টত আৰম্ভ কৰে যদিও সেইবৰ্ষৰ ডিচেম্বৰৰ পৰা পূৰ্ণগতিত গামোচাৰ লগতে পাট মুগাৰ মেখেলা চাদৰ উৎপাদন আৰম্ভ কৰিছে ।
এই সন্দৰ্ভত অনংগ কুমাৰ নাথে কয় যে, ‘‘অসমৰ গামোচাৰ বজাৰখন বহিঃৰাজ্যৰ গামোচাই দখল কৰিছে । সেয়েহে গামোচাৰ বজাৰখন থলুৱা লোকৰ হাতলৈ অনা, অসমীয়াৰ স্বাভিমান জীয়াই ৰখাৰ লগতে নিবনুৱা যুৱক-যুৱতীক আত্মনিৰ্ভৰশীল কৰাৰ লক্ষ্যৰে ইলাৰাণী বোৱা কটা আৰু প্ৰশিক্ষণ কেন্দ্ৰ বিগত বৰ্ষৰ আগষ্টৰ পৰা আৰম্ভ কৰিছো । পাঁচখন তাঁত শালেৰে আৰম্ভ কেন্দ্ৰটোত বৰ্তমান ৭ খন তাঁত শাল আছে । এই কেন্দ্ৰটো স্থাপন কৰাৰ পৰিকল্পনা ২০১১ চনতেই কৰা হৈছিল । কেন্দ্ৰটোত তিনিচুকীয়াৰ ৫ গৰাকী শিপিনীয়ে গামোচা, পাট-মুগাৰ মেখেলা চাদৰ উৎপাদন কৰাৰ লগত জড়িত হৈ আছে’’ ।