অসম

assam

ETV Bharat / state

গুৱাহাটীত ৰে'ল যাত্ৰীক লুটপাত কৰা দুৰ্বৃত্ত গ্ৰেপ্তাৰ

ৰে'ল আৰক্ষীয়ে গুৱাহাটী ৰে'লৱে ষ্টেচনৰ পৰা চি আৰ পি এফ জোৱানৰ সহযোগত সাতটা নিচাযুক্ত টেবলেটসহ গ্ৰেপ্তাৰ কৰে গজিবুৰ ফকীৰ নামৰ লোকজনক ৷

By

Published : Nov 12, 2019, 5:01 PM IST

গ্ৰেপ্তাৰ গজিবুৰ ফকীৰ

গুৱাহাটী, 12 নৱেম্বৰ: সোমাবাৰে নিশা ৰে'ল আৰক্ষীয়ে গুৱাহাটী ৰে'লৱে ষ্টেচনৰ পৰা চি আৰ পি এফ জোৱানৰ সহযোগত গজিবুৰ ফকীৰ নামৰ লোকজনক সাতটা নিচাযুক্ত টেবলেটসহ গ্ৰেপ্তাৰ কৰে | 27 ছেপ্টেম্বৰত গুৱাহাটীৰ পৰা শিলচৰলৈ যাত্ৰা কৰাৰ সময়ত ৰাণাধীৰ সিন্হা নামৰ যুৱকজনেগজিবুৰ ফকীৰ নামৰ লোকজনক গুৱাহাটী ৰে'লৱে ষ্টেচনত লগ পাইছিল ৷ বহু সময় দুয়ো গুৱাহাটী ৰে'লৱে ষ্টেচনত অপেক্ষা কৰিছিল শিলচৰ অভিমুখীৰে'লৰ বাবে ৷ এই সময়ছোৱাত দুয়ো নিশা হোটেললৈ গৈ ভাত খাই পুনৰ ষ্টেচনলৈ অহাৰ পিচত গজিবুৰে দুকাপ কফি লৈ আহি একাপ নিজে খায় আৰু আনকাপ ৰাণাধীৰক খাবলৈ দি ৰে'লত উঠে ৷

সাতটা নিচাযুক্ত টেবলেটসহ গ্ৰেপ্তাৰ গজিবুৰ ফকীৰ

যাত্ৰাৰ সময়ত ৰাণাধীৰঅচেতন হৈ পৰে ৷ এই সুযোগতে গজিবুৰে ৰাণাধীৰৰ পৰা নগদ 20 হাজাৰ টকাৰ লগতে মোবাইল ফোন,সোণৰ ফুলীকে ধৰি ক্ৰয় কৰা নতুন কাপোৰ লৈ পলায়ন কৰে ৷

গুৱাহাটী ৰে'লৱে ষ্টেচনত গ্ৰেপ্তাৰ দুৰ্বৃত্ত

পৰৱৰ্তী সময়ত,সোমবাৰে চিকিৎসাৰ বাবে ৰাণাধীৰগুৱাহাটীলৈআহে আৰু শিলচৰলৈ উভতি যোৱাৰ সময়তে গজিবুৰকপ্ৰত্যক্ষ কৰি ষ্টেচনত থকাচি আৰ পি এফ জোৱানৰ সহযোগত ৰে'ল আৰক্ষীক গতাই দিয়ে দুৰ্বৃত্ত গজিবুৰক ৷ ৰে'ল আৰক্ষীয়ে গজিবুৰৰ পৰা উদ্ধাৰ কৰে7টাকৈ নিচাযুক্ত টেবলেট ৷

লগতে পঢ়কঃগুৱাহাটীত পুনৰ জব্দ কয়লাভৰ্তি ট্ৰাক

ABOUT THE AUTHOR

...view details