অসম

assam

মালিগাঁৱত ৰেইজদে বিতৰণ কৰিলে মাটিৰ চাকি

By

Published : Nov 14, 2020, 9:38 PM IST

দিপাৱলী উপলক্ষে শনিবাৰে সামাজিক অনুষ্ঠান ৰেইজদৰ উদ্যোগত মালিগাঁৱত এক সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত হয়। কৰ'ণাসৃষ্ট পৰিৱেশ ৰক্ষা আৰু প্ৰদূষণ ৰোধৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই কাৰ্যসূচী হাতত লৈছে স্বেচ্ছাসেৱী সংস্থাটোৱে। 'সেউজ দিপাৱলী' উদযাপনৰ বাবে ৰাইজক সজাগ কৰাৰ লগতে মাটি চাকি বিতৰণ কৰা হয় এই অনুষ্ঠানত।

guwahati-green-diwali-awareness
মালিগাঁৱত ৰেইজদে বিতৰণ কৰিলে মাটিৰ চাকি

গুৱাহাটী, 14 নৱেম্বৰ :দিপাৱলী উপলক্ষে শনিবাৰে সামাজিক অনুষ্ঠান ৰেইজদৰ উদ্যোগত মালিগাঁৱত এক সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত হয়। কৰ'ণাসৃষ্ট পৰিৱেশ ৰক্ষা আৰু প্ৰদূষণ ৰোধৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই কাৰ্যসূচী হাতত লৈছে স্বেচ্ছাসেৱী সংস্থাটোৱে। 'সেউজ দিপাৱলী' উদযাপনৰ বাবে ৰাইজক সজাগ কৰাৰ লগতে মাটি চাকি বিতৰণ কৰা হয় এই অনুষ্ঠানত। গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই সকলোৰে মাজত বিতৰণ কৰে মাটিৰ চাকি। ৰেইজদে মহানগৰীৰ বিভিন্ন স্থানত প্ৰায় 20 হাজাৰ পৰিয়ালক বিতৰণ কৰিছে মাটিৰ চাকি আৰু তেল।

ইফালে এই সজাগতামূলক অনুষ্ঠানত উপস্থিত থাকি সাংসদ কুইন ওজাই ৰাইজক বিশেষ আহ্বান জনায়। প্ৰদূষণমুক্ত আৰু সেউজ অসম গঢ়াৰ বাবে সকলোকে সহায় সহযোগিতা আগবঢ়াবলৈ ক'লে সাংসদগৰাকীয়ে। লগতে সকলোকে সেউজ দিপাৱলী উদযাপন কৰিবলৈ আহ্বান জনালে সাংসদগৰাকীয়ে।

লগতে পঢ়ক: কৰ্মৰ মাজতেই দিপাৱলী উদযাপন অগ্নিনিৰ্বাপক আৰু আপদকালীন সেৱাৰ বিষয়া কৰ্মচাৰীৰ

ABOUT THE AUTHOR

...view details