গুৱাহাটী,19 জুন :অম্বুবাচীলৈ আৰু মাজত দুটা দিন । ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে জিলা প্ৰশাসনে। প্ৰশাসনে নিৰ্মাণ কৰা চাৰিটাকৈ ভক্তৰ শিবিৰৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। মহানগৰীৰ বৰিপাৰা তৰুণ সংঘ খেলপথাৰ, পাণ্ডু, নাহৰবাৰী আৰু ফাচীবজাৰত নিৰ্মাণৰ কৰা হৈছে ভক্তৰ শিবিৰ। এটাকৈ শিবিৰত প্ৰায় 40 হাজাৰকৈ ভক্ত থকাৰ ব্যৱস্থা কৰা হৈছে ।
অম্বুবাচী উপলক্ষ্যে উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ বিশেষ ব্যৱস্থা - অসম ট
এইবাৰ ৰেল ষ্টেচনত ভক্তৰ শিবিৰৰ ব্যৱস্থা কৰা নাই । ইয়াৰ পৰিৱৰ্তে কামাখ্যা ৰেল ষ্টেচনত ভক্তৰ সহায় হোৱাকৈ নিৰ্মাণ কৰা হৈছে তথ্য সংগ্ৰহৰ বিশেষ কেন্দ্ৰ।
![অম্বুবাচী উপলক্ষ্যে উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ বিশেষ ব্যৱস্থা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3605288-thumbnail-3x2-pic1.jpg)
ETV BHARAT
অম্বুবাচীৰ ভক্তৰ সাহাৰ্যৰ বাবে ৰেল বিভাগৰ বিশেষ ব্যৱস্থা
আনহাতে ৰেল বিভাগেও কামাখ্যা ৰেল ষ্টেচনত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । যাত্ৰীৰ বাবে বিশেষ ৰেলৰ লগতে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ৰেল বিভাগে। ৰেলেৰে অগনন যাত্ৰী অহা ফলত ষ্টেচনটোত অভাৱনীয় পৰিস্থিতি সৃষ্টি হোৱাৰ বাবে এইবাৰ ৰেল ষ্টেচনত ভক্তৰ শিবিৰৰ ব্যৱস্থা কৰা নাই । ইয়াৰ পৰিৱৰ্তে কামাখ্যা ৰেল ষ্টেচনত ভক্তৰ সাহাৰ্যৰ বাবে নিৰ্মাণ কৰা হৈছে তথ্য সংগ্ৰহৰ বিশেষ কেন্দ্ৰ।