অসম

assam

ETV Bharat / state

মহানগৰীত গণেশ পূজা - নাৰেংগীৰ গনেশ মন্দিৰত গণেশ পূজা

গণেশ চতুৰ্থী উপলক্ষে মহানগৰীত নাৰেংগীৰ লগতে অন্যান্য গণেশ মন্দিৰটো দেখা গ'ল ভক্তগণৰ ভিৰ

মহানগৰীত গণেশ পূজা

By

Published : Sep 2, 2019, 5:03 PM IST

গুৱাহাটী, 2 ছেপ্তেম্বৰ : সোমবাৰে গনেশ চতুৰ্থী । সমগ্ৰ দেশৰ লগতে অসমতো পুৱাৰে পৰা সিদ্ধিবিনায়কৰ পূজাৰ ব্যাপক আয়োজন কৰা হৈছে । ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীও । নাৰেংগীৰ গনেশ মন্দিৰত পূৱাৰে পৰা ভিৰ পৰিলক্ষিত হয় ভক্তৰ । মনৰ আকাংক্ষা পূৰণৰ হেতু সকলোৱে পূজা অৰ্চনাত ব্যস্ত হৈছে ‌ । হিন্দু ধৰ্মৰ দেৱতা সকলৰ ভিতৰত প্ৰভু গনেশকেই আগস্থান দিয়া হয় অৰ্থাৎ আদি পূজা গনেশক দিয়া হয় । সেয়ে পূৱাৰে পৰা মহানগৰীৰ সকলো গনেশ মন্দিৰত দেখা গৈছে ভক্তৰ ভিৰ । নাৰেংগীৰ লগতে মহানগৰীৰ অন্যান্য গনেশ মন্দিৰতো পূৱাৰে পৰা লানি নিছিঙা সোঁত বৈছে ভক্তগণৰ ।

মহানগৰীত গণেশ পূজা

ABOUT THE AUTHOR

...view details