অসম

assam

ETV Bharat / state

গুৱাহাটীত অখিলৰ মুক্তিৰ দাবীত কেবাটাও সংগঠনৰ প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু অখিল গগৈৰ উন্নত চিকিৎসাৰ দাবীত মহানগৰীৰ ৰ'টাৰী পইণ্ট,গুৱাহাটী ক্লাৱত প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী আইন বিৰোধী সমন্বয় সমিতি,কা বিৰোধী অসমৰ ছাত্ৰ সমাজ,সন্মিলিত সংগ্ৰাম পৰিষদ,নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চই যৌথভাৱে গণ প্ৰতিবাদ কৰে । বুধবাৰে বিভিন্ন দল সংগঠনৰ লগতে অসমৰ বুদ্ধিজীৱি সমাজ একত্ৰিত হৈ অখিল গগৈৰ মুক্তিৰ লগতে উন্নত চিকিৎসাৰ দাবীৰে প্ৰখৰ ৰ'দ নেওচি সাব্যস্ত কৰে প্ৰতিবাদ।

By

Published : Mar 11, 2020, 5:06 PM IST

গুৱাহাটীত অখিলৰ মুক্তিৰ দাবীত কেবাটাও সংগঠনৰ প্ৰতিবাদ
গুৱাহাটীত অখিলৰ মুক্তিৰ দাবীত কেবাটাও সংগঠনৰ প্ৰতিবাদ

গুৱাহাটী, 11 মাৰ্চঃবুধবাৰে গুৱাহাটীত প্ৰতিবাদকাৰীসকলেৰাজ্য চৰকাৰে কা বিৰোধী বিশিষ্ট ব্যক্তি,জ্যেষ্ঠ সাংবাদিক,নাগৰিকৰ ওপৰত ৰাষ্ট্ৰ দ্ৰোহৰ ভুৱা গোচৰ জাপি দিয়া কাৰ্যৰ বাবে তীব্ৰ প্ৰতিবাদ জনায় অতি সোনকালে গোচৰসমূহ প্ৰত্যহাৰ কৰাৰ লগতে কা বিৰোধী সকলো আন্দোলনকাৰীক অতি শীঘ্ৰেই মুকলিৰ দাবী জনাই। প্ৰতিবাদস্থলীৰ পৰা কমল কুমাৰ মেধিয়ে জানিবলৈ দিয়ে যে অসমৰ চুকে কোণে সকলো দল সংগঠনে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদ কৰিছে কিন্তু ৰাজ্য চৰকাৰে বাচি বাচি নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদ কৰা সকলক কাৰাৰুদ্ধ কৰিছে। অখিল গগৈ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলক প্ৰণালীবদ্ধভাৱে কা বিৰোধী প্ৰতিবাদ শেষ কৰিবৰ বাবে ষড়যন্ত্ৰ কৰি কাৰাৰুদ্ধ কৰিছে। অসুস্থ অখিল গগৈক উন্নত চিকিৎসাৰ বাবে ন্যায়ালয়ে নিৰ্দেশ দিয়াৰ পিছতো চিকিৎসা ক্ষেত্ৰত হেমাহি কৰিছে এই চৰকাৰে । কেৱল কা বাতিল নহয় অখিল গগৈ আৰু কা বিৰোধী সকলো লোকক এই চৰকাৰে সোনকালে মুক্তি দিয়াৰ দাবীত এই প্ৰতিবাদ বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে তেওঁ।

গুৱাহাটীত অখিলৰ মুক্তিৰ দাবীত কেবাটাও সংগঠনৰ প্ৰতিবাদ
লগতে ফেচিবাদী বিজেপি চৰকাৰক কা বাতিল কৰিবলৈ বাধ্য কৰোৱাৰ লগতে কা বাতিলৰ দাবীত সকলো দল সংগঠনক ঐক্য বদ্ধ হ'বলৈ আহ্বান বুদ্ধিজীৱী সমাজৰ।

ABOUT THE AUTHOR

...view details